আটলাণ্টিকত উদ্ধাৰ হয় শতাব্দীপ্রাচীন জাহাজ
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ১০৭ বছৰ পূর্বে আটলাণ্টিকত সন্ধানহীন হোৱা এনডি’ৰেঞ্চ জাহাজৰ সন্ধান পোৱা গৈছে৷ এংলো–আইৰিছ অভিযাত্রী ছাৰ আর্নেষ্ট ছেকলেটনৰ কাঠৰ জাহাজ আছিল এই এনডি’ৰেঞ্চ৷ সম্প্রতি এনডি’ৰেঞ্চ–২২ নামৰ এক অভিযাত্রী দলে আটলাণ্টিকৰ গভীৰত অক্ষত অৱস্থাত থকা এই জাহাজখনৰ অৱস্থান নিশ্চিত কৰিছে৷ ৫ মার্চত জাহাজখনৰ সন্ধান পাইছে এই অভিযাত্রী দলটোৱে৷
স্মর্তব্য যে ১০৭ বছৰ ধৰি আটলাণ্টিকৰ গভীৰ তলিত ডুব গৈ থকা এই জাহাজখনৰ আশ্চর্যজনকভাৱে সকলো কাঠৰ আচবাব অক্ষত অৱস্থাত আছে৷ আনকি জাহাজখনত খোদিত কৰা এনডি’ৰেঞ্চ নামটোও অক্ষত অৱস্থাত আছে৷ ১৯১৫ চনত প্রথমবাৰ এণ্টার্কটিকা অতিক্রম কৰাৰ উদ্দেশ্যেৰে এনডি’ৰেঞ্চ জাহাজেৰে লণ্ডনৰ পৰা যাত্রা আৰম্ভ কৰিছিল ছাৰ ছেকলেটনে৷ ১৪৪ ফুট দৈর্ঘ্যৰ এই কাঠৰ জাহাজখনেৰে দুর্গম যাত্রা কৰাটো আছিল ছেকলেটনৰ দুঃসাহসিক অভিযানৰ অংশবিশেষ৷