আন এক প্ৰত্যাহ্বানঃ দক্ষিণ কোৰিয়াত সুস্থ হৈ উঠা ব্যক্তি পুনৰ ক’ভিড-১৯ ত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ভিড-১৯ ত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে যদিও পুনৰ তেনে লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাক চিকিৎসকসকল উদ্বিগ্ন হৈ পৰিছে । তথ্য মতে, ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ পাছত পুনৰ সেই ৰোগত আক্ৰান্ত নহয় বুলি চিকিৎসকসকল নিশ্চিত হৈ আছিল যদিও দক্ষিণ কোৰিয়াত ইয়াৰ বিপৰীত স্থিতি পোহৰলৈ আহিছে ।
কোৰিয়াৰ চেণ্টাৰ ফৰ ডিজিছ ক’ণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ সঞ্চালক জিয়াং উন কিয়ঙে প্ৰকাশ কৰা মতে, ৯১ জন ৰোগী ক’ভিড-১৯ ত সুস্থ হৈ উঠাৰ পাছত পুনৰ তেওঁলোক আক্ৰান্ত হৈছে ।
দেশখনত প্ৰায় ৭ হাজাৰ লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হোৱাত চৰকাৰে কিছু স্বস্তিৰ নিশ্বাস লাভ কৰিছিল যদিও শেহতীয়াকৈ তেনে লোকৰ দেহত পুনৰ ক’ভিড-১৯ ধৰা পৰাত সকলো চিন্তিত হৈ পৰিছে ।