আফগানিস্তানত বন্দুকধাৰীৰ গুলীচালনাত নিহত ২৭, আহত ৫৫
মার্কিন–তালিবান চুক্তিৰ পিছতে বৃহৎ অঘটন
নিয়মীয়া বাৰ্তা, ৭ মার্চঃ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে তালিবানৰ ঐতিহাসিক চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আফগানিস্তানলৈ ক্রমান্বয়ে শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছিল যদিও শুকুৰবাৰে দেশখনত বন্দুকধাৰীৰ গুলীচালনাত ২৭জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৫৫জনতকৈ অধিক লোক আহত হয় আৰু দেশখনৰ এজন সংখ্যালঘু চিয়া নেতাৰ স্মৃতিত উলিওৱা সমদলৰ সময়তে এই গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ স্বাস্থ্য মন্ত্রালয়ৰ মুখপাত্র ৱাহিদুল্লাহ মায়েৰে জনোৱা মতে, এই গুলীচালনাত আহতসকলক ততালিকে কাবুলৰ হাস্পতাললৈ নিয়া হয় ৷ এই স্মৃতি সমদলত অংশ লোৱা কেইবাজনো ৰাজনৈতিক নেতা ৰক্ষা পৰে যদিও মহিলা–শিশুকে ধৰি ২৭জন লোক নিহত হয়৷ হত্যাকাৰীজন এটা অর্ধনির্মিত অট্টালিকাত লুকাই আছে যদিও আফগান নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে৷ তালিবান সন্ত্রাসবাদীয়ে এই ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে৷ চিয়া সম্প্রদায়ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ইছলামিক ষ্টেটৰ এটা গোটে এই গুলীচালনা কৰাৰ সম্ভাৱনা নথকা নহয় ৷