আফগানিস্তানত ৫০০জন প্রাক্তন আমোলাক হত্যা তালিবানৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ যোৱা বছৰ আগষ্ট মাহত ক্ষমতালৈ অহাৰ পিছৰে পৰা আফগানিস্তানত তালিবানে নৃশংস হত্যাকাণ্ড অব্যাহত ৰাখিছে৷ ক্ষমতালৈ আহি তালিবানে সংস্কাৰমুখী কাম–কাজ কৰিব বুলি প্রতিশ্রুতি দিছিল যদিও কুখ্যাত জেহাদী সংগঠনটোৰ নীতি অকণো সলনি হোৱা নাই৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এক শিহৰণকাৰী তথ্য৷ ক্ষমতালৈ অহাৰ পিছত তালিবানে পূর্বৰ আশ্রফ ঘানি চৰকাৰৰ ৫০০গৰাকী প্রাক্তন আমোলাক হত্যা কৰিছে৷ সম্প্রতি ‘দ্য নিউয়র্ক টাইমছ’ৰ এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ আমেৰিকাৰ সাহায্যপুষ্ট ঘানি চৰকাৰৰ এই আমোলাসকলক হত্যা কৰাৰ কথা তালিবানে প্রকাশ কৰা নাই যদিও কাকতখনৰ অনুসন্ধানমূলক প্রতিবেদনত শিহৰণকাৰী এই তথ্য প্রকাশ পাইছে৷ স্মর্তব্য যে তালিবান চৰকাৰক বিশ্বৰ কোনো দেশেই এতিয়ালৈকে স্বীকৃতি প্রদান কৰা নাই৷