নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ যুগৰ বৃহত্তম প্রত্যাহ্বান মহামাৰী ক’ভিড–১৯

নিয়মীয়া বাৰ্তা, ১৯ মে’:  মহামাৰী ক’ভিড–১৯ৰ সংহাৰ আমাৰ যুগৰ বাবে বৃহৎ প্রত্যাহ্বান৷ এই মন্তব্য ৰাষ্ট্রসংঘৰ সচিব প্রধান এণ্টনি’ গুটেৰেছৰ৷ বিশ্বৰ ২১৩ দেশলৈ মহামাৰী ভাইৰাছটো সংক্রমণক লৈ উদ্বিগ্ণতা প্রকাশ কৰি ৰাষ্ট্রসংঘৰ সচিব প্রধান গৰাকীয়ে কয় যে, ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়ত পৃথিৱীবাসীক একত্রিত হৈ যুঁজাৰ বাবে সজাগ হোৱাৰ প্রয়োজন৷

মহামাৰী ভাইৰাছটো ৰোধিবলৈ পৃথিৱীবাসীক সজাগ হ’বলৈ আহ্বান জনায়৷ সচিব প্রধান গৰাকীয়ে কয় এই সংকটে এখন শ্রেষ্ঠতম পৃথিৱী গঢ়াৰ সুযোগ দিব৷ অৱশ্যে এইক্ষেত্রত পৃথিৱীৰ দেশসমূহ একত্রিত হ’ব লাগিব৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰ দ্রুত বিকাশেও মহামাৰী ভাইৰাছটোক ৰোধিব পৰা নাই কার্যতঃ পৃথিৱীবাসীক আঠু নমাবলৈ বাধ্য কৰাইছে বুলি কয় সচিব প্রধানগৰাকীয়ে৷

ক’ৰোনা ভাইৰাছক লৈ দেশসমূহে পৃঠক পৃঠক পদক্ষেপ গ্রহণ কৰাৰ বিপৰীতে আন কিছুমান দেশে দণ্ডাত্মক কৌশল গ্রহণ কৰিছে৷ আনকি একাংশ দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমূদিত নির্দেশনাক অৱজ্ঞা কৰা বুলিও কয় ৰাষ্ট্রসংঘৰ মুৰব্বীগৰাকীয়ে৷

You might also like