আমেৰিকাত বিজ্ঞানী নিযুক্তিত চীনৰ হস্তক্ষেপঃএফবিআই
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ আমেৰিকাত গোপনে বিজ্ঞানী নিয়োগ কৰাত সহায় কৰি আহিছে ৱাশ্বিংটনত থকা চীনৰ ৰাষ্ট্রদূত আৰু নিউয়র্কৰ কূটনৈতিক কার্যালয়ত থকা এগৰাকী কর্মীয়ে৷ শেহতীয়াকৈ দেশখনৰ চোৰাংচোৱা সংস্থা এফ বি আয়ে সদৰী কৰিছে এই তথ্য৷ লক্ষণীয়ভাৱে যোৱা বছৰ এপ্রিল মাহতে এফ বি আয়ে এক শপতনামা দাখিল কৰিছিল দেশখনৰ আদালতত৷ তেতিয়াই চীনৰ কূটনীতিকসকলৰ কাম–কাজক লৈ সন্দেহ প্রকাশ কৰা হৈছিল৷ ‘ৱাশ্বিংটন এগজামিনাৰ’ৰ প্রতিবেদন অনুসৰি এফ বি আয়ে সঘনে বেইজিঙত চোৰাংচোৱা বৃত্তিৰ সক্ষমতাৰ বিষয়টোক লৈ সন্দেহ প্রকাশ কৰি আহিছে৷ বিশেষকৈ আমেৰিকাৰ বিভিন্ন ক্ষেত্রৰ গোপনীয় তথ্য চুৰিত নিয়োজিত হৈ আহিছে চীনৰ কূটনীতিকসকল৷ অৱশ্যে বেইজিং প্রশাসনে এফ বি আইৰ এই অভিযোগ সন্দর্ভত তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই৷ কিন্তু দুয়োখন দেশৰ মাজত কূটনৈতিক ক্ষেত্রত দীর্ঘদিন ধৰি চলি আহিছে মতানৈক্য৷