নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ন’ভাভেক্সৰ ক’ভিড ভেকচিনৰ পৰীক্ষামূলক প্রয়োগ মানৱ দেহত

নিয়মীয়া বার্তা, ২৭মেঃ ক’ভিড–১৯ৰ বিৰুদ্ধে বিশ্ববাসীৰ সংগ্রাম অব্যাহত থকাৰ মাজতে ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠানসমূহে কার্যকৰী আৰু নিৰাপদ ভেকচিন উদ্ভাৱনৰ গৱেষণাত যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হৈছে৷ এই মুহূর্তত ১০০টাৰো অধিক প্রয়োগ মানৱ দেহত ভেকচিন উদ্ভাৱনৰ গৱেষণা অব্যাহত আছে আৰু এইক্ষেত্রত বিশেষ সফলতা লাভ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ঔষধ প্রস্তুতকাৰক মডার্না আৰু চীনৰ কেছিনো বায়’লজিক্স ইনকর্প’ৰেচনে৷ ইতিমধ্যে এই দুয়োটা প্রতিষ্ঠানে মানৱ দেহত ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষামূলক প্রয়োগ সফল হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ ইয়াৰ মাজতে আন এক সুখবৰ প্রেৰণ কৰিছে আমেৰিকাৰ ঔষধ প্রস্তুতকাৰক ন’ভাভেক্সে৷ আজিৰ পৰা প্রতিষ্ঠানটোৱে তেওঁলোকৰ ক’ভিড–১৯ ভেকচিন মানৱ শৰীৰত পৰীক্ষামূলকভাৱে প্রয়োগ কৰাৰ কাম আৰম্ভ কৰিছে৷ অষ্ট্রেলিয়াত চলোৱা এই পৰীক্ষাৰ ফলাফল চলিত বছৰৰ ভিতৰতে নিশ্চিত কৰিব পৰা যাব বুলি ন’ভাভেক্সে আশা প্রকাশ কৰিছে৷

ন’ভেল ক’ৰোনা ভাইৰাছত এইপর্যন্ত প্রায় ৫.৬ নিযুত লোক আক্রান্ত হৈছে৷ এই মহামাৰীয়ে বিশ্বৰ প্রায় ৩.৫ লাখ লোকৰ প্রাণ কাঢ়ি নিছে৷ ক’ভিড–১৯ৰ চিকিৎসাৰ উপযুক্ত ঔষধ বা এণ্টিভাইৰেল প্রস্তুত কৰাটো এইপর্যন্ত সম্ভৱ হৈ নুঠাত চিকিৎসাৰ সৈতে জড়িত ব্যক্তি–স্বাস্থ্যকর্মী– একপ্রকাৰ অসহায় অৱস্থাত পৰিছে৷ ইব’লা বা আন ভাইৰাছৰ তুলনাত কম প্রাণঘাতী বা মাৰাত্মক বুলি দাবী কৰা হৈছে যদিও ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণ আৰু এই ভাইৰাছৰ আৰ এন এৰ সঘন ৰূপান্তৰে উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷

ইয়াৰ বাবে ভেকচিনৰ গৱেষণাৰ ওপৰত বিশ্ববাসীয়ে আশাৰে দৃষ্টি নিবদ্ধ ৰাখিছে৷ ইয়াৰ মাজতে মডার্না, কেছিনো বায়’লজিক্স আৰু ন’ভাভেক্সে ভেকচিন উদ্ভাৱনৰ ক্ষেত্রত লাভ কৰা অগ্রগতিয়ে আশাৰ বতৰা কঢ়িয়াইছে৷ ইপিনে, আমেৰিকাই ক’ৰোনা প্রতিৰোধত সফল হোৱাৰ সম্ভাৱনা থকা ছটা ভেকচিন বাছনি কৰি ১ লাখ স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষামূলকভাৱে প্রয়োগ কৰাৰ এক আঁচনি প্রস্তুত কৰিছে৷

আশা কৰা হৈছে যে এই অভিযানৰ পাছত চলিত বর্ষৰ সামৰণিৰ পূর্বেই সম্পূর্ণ নিৰাপদ আৰু কার্যক্ষম ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ কৰিব পৰা যাব৷ লক্ষণীয় যে এইপর্যন্ত কমেও ১০বিধ ক’ভিড–১৯ ভেকচিন মানৱ শৰীৰত পৰীক্ষামূলকভাৱে প্রয়োগ কৰা হৈছে৷ পৰীক্ষামূলক ভেকচিন এনেদৰে প্রস্তুত কৰা হৈছে, যাতে ক’ৰোনা ভাইৰাছৰ বহিঃভাগত থকা কাঁইটৰ দৰে স্পাইক প্র’টিন চিনাক্ত কৰাত সহায় কৰে মানুহৰ ৰোগ প্রতিৰোধ ব্যৱস্থাক৷ শৰীৰত ক’ভিড ভাইৰাছৰ প্রৱেশৰ লগে লগে ৰোগ প্রতিৰোধ ব্যৱস্থা সক্রিয় হৈ পৰে৷

অনুৰূপভাৱে প্রস্তুত কৰা ন’ভাভেক্সৰ ভেকচিনNVX-Cov2373 প্রথম পর্যায়ত ১৩১জন স্বেচ্ছাসেৱকৰ শৰীৰত প্রয়োগ কৰাৰ কাম আজিৰ পৰা আৰম্ভ হৈছে৷ ইপিনে, ভাৰততো ভেকচিন উদ্ভাৱনৰ গৱেষণাই অগ্রগতি লাভ কৰিছে৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চে (আই চি এম আৰ) জনোৱা মতে, ছমাহৰ ভিতৰত ভাৰতত ক’ভিড–১৯ ভেকচিনৰ মানৱ দেহত পৰীক্ষামূলক প্রয়োগ আৰম্ভ হ’ব৷ আই চি এম আৰ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটডে (বি বি আই এল) যৌথভাৱে ভেকচিনৰ গৱেষণা অব্যাহত ৰাখিছে৷ জাইডাছ কেডিলাই দুটা, ছেৰাম ইনষ্টিটিউট, বায়’লজিকেল ই, ইণ্ডিয়ান ইমিউন’লজিকেলছ আৰু মিনভেক্সেও এটাকৈ ভেকচিনৰ গৱেষণা চলাই আছে৷

You might also like