আমেৰিকাৰ Operation China: ক’ৰোনাৰ মূল কাৰণ বিচাৰি য়ুহানলৈ যাব আমেৰিকাৰ বিশেষজ্ঞ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছ সংক্রমণৰ বাবে আমেৰিকাই বাৰে বাৰে চীনক সকীয়নি দি থকাৰ মাজতে পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ । শেহতীয়া এক তথ্য মতে, চীনৰ য়ুহান প্রদেশৰ পৰা প্রাদুর্ভাৱ ঘটা এই মাৰাত্মক ভাইৰাছৰ সন্দৰ্ভত পৰীক্ষাৰ বাবে শীঘ্ৰে চীনলৈ যাব আমেৰিকাৰ এক বিশেষজ্ঞৰ দল । ইতিমধ্যে আমেৰিকাই ‘অপাৰেচন চীন’ (Operation China) আৰম্ভ কৰিছে ।
উল্লেখ্য যে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এৰ দ্বাৰা চীনৰ য়ুহান প্রদেশত ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ সঠিক তথ্য সংগ্রহ কৰাত ব্যস্ত হৈ পৰিছে ৷ ইপিনে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে চি আই এৰ প্রতিবেদন লাভ কৰাৰ পাছতেই চীনৰ বিৰুদ্ধে পদক্ষেপ গ্রহণৰ সম্ভাৱনা আছে ৷
ইফালে ২ দিন পূৰ্বে চীনক লৈ ক্ষুণ্ণ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে মুকলিকৈ ক’ভিড–১৯ৰ বাবে চীন দায়ী হ’লে দেশখনে ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি সকীয়নি দিয়া বার্তাই বিশ্ববাসীৰ বাবে অনাগত সময়ত অশনি সংকেত কঢ়িয়াই আনিব পাৰে ৷
(খবৰৰ উৎসঃ Zee News)