নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্থিক মন্দাৱস্থাৰ দিশে জাপান

নিয়মীয়া বাৰ্তা, ১৯ মে’ঃ ২০১৫ চনৰ পিছত প্রথমবাৰৰ বাবে ভয়াৱহ আর্থিক মন্দাৱস্থাৰ দিশে আগবাঢ়িছে জাপান৷ বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ জাপানৰ ২০২০ চনৰ প্রথম ত্রিমাসিকৰ আর্থিক বিকাশৰ হাৰ ৩.৪ শতাংশ নিম্নগামী হৈছে৷

ক’ৰোনা ভাইৰাছৰ বাবে লকডাউনৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে জাপানৰ সকলো খণ্ডতে বিৰূপ প্রভাৱ পৰাত দেশখনৰ অর্থনীতি বিধ্বস্ত হোৱাৰ দিশে আগবাঢ়িছে৷ প্রকাশিত তথ্য মতে, চলিত বর্ষৰ প্রথম ত্রিমাসিকত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৩.৪ শতাংশ নিম্নগামী হৈছে৷ উল্লেখ্য যে জাপানৰ পূর্বে জার্মানীও বৃহৎ আর্থিক মন্দাৱস্থাৰ সন্মুখীন হৈছে৷

You might also like