নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু মাত্র ৩ বছৰ জীয়াই থাকিব ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন

নিয়মীয়া বাৰ্তা, ১জুন: ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন কর্কট ৰোগত আক্রান্ত বুলি পাশ্চাত্যৰ সংবাদ মাধ্যমসমূহে সদৰী কৰি আহিছে৷ শেহতীয়াকৈ ফৰাচী টেলিভিছনৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাছিয়াৰ বিদেশমন্ত্রী ছের্গেই লেভৰভে পুটিনৰ অসুস্থতাৰ কথা অস্বীকাৰ কৰিছে যদিও পুনৰ সংবাদ মাধ্যমে ৰাষ্ট্রপতিগৰাকী গুৰুতৰভাৱে কর্কটত আক্রান্ত বুলি দাবী কৰিছে৷

ৰাছিয়াৰ বিভিন্ন চোৰাংচোৱা সংস্থাৰ পৰা ক্রেমলিনৰ ঘনিষ্ঠ আমোলালৈকে সকলোৱে ভ্লাডিমিৰ পুটিনৰ শাৰীৰিক অৱস্থাক লৈ উদ্বেগ প্রকাশ কৰা বুলি শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে৷ আনকি ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে ক্রমান্বয়ে দৃষ্টি শক্তি হেৰুওৱা বুলিও দাবী কৰিছে একাংশ সংবাদ মাধ্যমে৷ অকল সেয়াই নহয়, ইতিমধ্যে চিকিৎসকসকলে ৰুছ ৰাষ্ট্রপতি পুটিন অতি বেছি তিনি বছৰ জীয়াই থাকিব বুলি সতর্কবাণী কৰিছে৷

সংবাদ মাধ্যমত এই কথা প্রকাশ পোৱাৰ লগে লগে পুটিনৰ শুভকাংক্ষীসকলৰ উদ্বেগ দুগুণ বৃদ্ধি পাইছে৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ৰুছ চোৰাংচোৱা সংস্থা ফেডাৰেল ছিকিউৰিটী ছার্ভিচৰ এগৰাকী বিষয়াই পুটিনৰ শৰীৰত অতি দ্রুত কর্কট বিয়পি পৰা বুলি দাবী কৰিছে৷ ৰাছিয়াই চোৰাংচোৱা সংস্থাৰ এজন পলাতক বিষয়াই ইউৰোপৰ সংবাদ মাধ্যমক জনোৱা অনুসৰি পুটিনৰ শাৰীৰিক অসুস্থতাক মস্কো প্রশাসনে গাপ দিব বিচাৰিছে যদিও ৰাষ্ট্রপতিগৰাকী এতিয়া ৰাজহুৱা কার্যসূচীত অংশগ্রহণ কৰিব পৰাকৈ সুস্থ হৈ থকা নাই৷

লক্ষণীয়ভাৱে কর্কট আক্রান্ত পুটিন শেহতীয়াকৈ অতি ৰুক্ষ হৈ পৰা বুলিও দাবী কৰিছে চোৰাংচোৱা বিষয়াগৰাকীয়ে৷ ইফালে, টেলিগ্রাম চেনেলে কেইদিনমান পূর্বে প্রকাশ কৰা প্রতিবেদন অনুসৰি কর্কট আক্রান্ত পুটিনৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হৈছে৷

You might also like