ইউএই–মালদ্বীপলৈ প্রেৰণ তিনি ৰণতৰী
নিয়মীয়া বাৰ্তা, ৫ মে’ : মালদ্বীপ আৰু সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই) আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক দেশলৈ ওভতাই অনাৰ বাবে কেন্দ্রীয় চৰকাৰে নৌসেনাৰ তিনিখনকৈ ৰণতৰী প্রেৰণ কৰিছে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এগৰাকী মুখপাত্রই সংবাদ মাধ্যমক জানিবলৈ দিছে এই তথ্য৷
কালি নিশা আইএনএছ জলাশ্বা আৰু আইএনএছ মগৰে মালদ্বীপ অভিমুখে যাত্রা কৰা বুলি মুখপাত্রগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ইফালে আইএনএছ শ্বার্দুলে ডুবাই অভিমুখে যাত্রা কৰা বুলি সদৰী কৰিছে প্রতিৰক্ষা বিভাগৰ মুখপাত্রগৰাকীয়ে৷ তিনিওখন ৰণতৰী কেৰালাৰ কোচিলৈ উভতি আহিব৷
স্মর্তব্য যে আইএনএছ মগৰ আৰু আইএনএছ শ্বার্দুল হৈছে নৌসেনাৰ দক্ষিণ কমাণ্ডৰ ৰণতৰী৷ ইফালে আইএনএছ জলাশ্বা হৈছে ইষ্টার্ন কমাণ্ডৰ ৰণতৰী৷ শেহতীয়াকৈ ক’ভিড–১৯ৰ বাবে বিদেশত আবদ্ধ হৈ থকা লোকসকলক ওভতাই অনাৰ সিদ্ধান্ত লৈছে ভাৰতে৷