ইউক্রেইনীয়ে দিয়া বিষাক্ত খাদ্য খাই দুই ৰুছ সৈনিকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ইউক্রেইনী লোকে দিয়া বিষাক্ত খাদ্য খাই প্রাণ হেৰুৱাইছে দুই ৰুছ সৈনিকে৷ যুদ্ধৰত ৰুছ সেনা গুৰুতৰভাৱে আক্রান্ত হৈছে৷ বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে ২৮জন সৈনিক৷ অর্থাৎ প্রাণ হেৰুওৱা সৈনিকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷ খাৰকিভৰ ওচৰৰ ইজিয়াম নামৰ এখন সৰু চহৰৰ বাসিন্দাসকলে ৰুছ সৈনিকসকললৈ খাদ্য আগবঢ়াইছিল৷ এই খাদ্যত বিষ মিহলি কৰি দিয়া বুলি ধাৰণা কৰা হৈছে৷ ইউক্রেইনৰ বিদেশ মন্ত্রালয়ে উল্লেখ কৰিছে যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে চহৰখনত অধিক হিংস্র হৈ পৰিব পাৰে ৰুছ সেনা৷