ইউৰোপত মৃত্যুৰ কিৰীলি, মৃতকৰ সংখ্যা ১ লাখ অতিক্রম; দেশে দেশে হাহাকাৰ অৱস্থা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ বিশ্বব্যাপী মহামাৰী ক’ভিড–১৯ সংক্রমণৰ ভয়াৱহতা বর্ধিত হৈ আছে৷ প্রাদুর্ভাৱ ঘটা চীনত প্রাণঘাতী ভাইৰাছৰ সংক্রমণ প্রায় নিয়ন্ত্রণাধীন হৈছিল যদিও বিগত সপ্তাহৰ পৰা পুনৰ দেশখনত বৃদ্ধি পাইছে আক্রান্ত আৰু মৃতকৰ সংখ্যা৷ ইপিনে বিশ্বৰ ২১০খন দেশত সংক্রমিত ঘাতক ক’ভিড–১৯ৰ হটস্পট হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপৰ কেইবাখনো দেশত আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে৷ বিশ্বজুৰি আক্রান্তৰ সংখ্যা ২৩.৮ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যায়ো ১.৬৩ লাখ অতিক্রম কৰিছে৷ ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রতেই আক্রান্তৰ সংখ্যা ৭.৫ লাখ অতিক্রম কৰিছে৷ আমেৰিকাত মৃতকৰ সংখ্যা প্রায় ৪০ হাজাৰ৷ আনহাতে, ইউৰোপৰ ইটালী, স্পেইন, ফ্রান্স, জার্মানী আৰু গ্রেট ব্রিটেইনত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগতে মৃত্যুৰ কিৰীলি অব্যাহত আছে৷ স্পেইনত আক্রান্তৰ সংখ্যা দুই লাখ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে আৰু দেশখনত মৃত্যু হৈছে ২০ সহস্রাধিক লোকৰ৷ ইটালীত আক্রান্তৰ সংখ্যা ১.৮ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা প্রায় ২৪ হাজাৰ৷ আনপিনে জার্মানীত আক্রান্তৰ সংখ্যা ১.৪ লাখ অতিক্রম কৰাৰ বিপৰীতে প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৪.৫ সহস্রাধিক৷ লক্ষণীয় যে গ্রেট ব্রিটেইনত আক্রান্তৰ সংখ্যা ১.২ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ১৬ হাজাৰ অতিক্রম কৰিছে৷ আজিৰ দিনটোত গ্রেট ব্রিটেইনত নতুনকৈ ৫,৮৫০জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৫৯৬জনে৷ ইউৰোপৰ আন এখন দেশ ফ্রান্সতো মৃত্যুৰ কিৰীলি অব্যাহত আছে৷ দেশখনত ১.১২ লাখ লোক আক্রান্ত হোৱাৰ বিপৰীতে ১৯,৩২৩জন লোকে প্রাণ হেৰুৱাইছে৷ উল্লিখিত ৫খন দেশৰ উপৰি ইউৰোপৰ প্রায়বোৰ দেশতে আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে৷ তথ্য মতে, ইউৰোপতেই মৃতকৰ সংখ্যা ১ লাখৰ অধিক৷ বিশ্বব্যাপী মুঠ মৃতকৰ সংখ্যা ১.৬০ লাখৰো অধিক৷ ইয়াৰে ১ লাখৰ অধিক ইউৰোপত, ৪০ হাজাৰ আমেৰিকা যুক্তৰাষ্ট্রত আৰু বাকীখিনি বিশ্বৰ আন আন দেশত৷ তাৎপর্যপূর্ণ যে প্রাদুর্ভাৱ ঘটা চীনত ৮২ হাজাৰতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৪ সহস্রাধিকে৷ মুঠ আক্রান্তৰ ভিতৰত ৬ লাখৰ অধিক লোক ইতিমধ্যে সুস্থ হৈ উঠিছে৷ গুৰুত্বপূর্ণ যে দক্ষিণ কোৰিয়াত ক’ভিড–১৯ত সুস্থ হৈ উঠা লোক পুনৰ ভাইৰাছটোত আক্রান্ত হোৱাত বিশ্বৰ চিকিৎসক মহল উদ্বিগ্ণ হৈ পৰিছে৷ ৰাছিয়াত আজি ৬ সহস্রাধিক লোক নতুনকৈ আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা প্রায় ৪৩ হাজাৰ হৈছে আৰু মৃতকৰ সংখ্যা তিনি শতাধিক৷ ইৰানত ৮২,২২১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৫,১১৮জনে, ছৌদি আৰবত ৯,৩৬২জন লোক অক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৯৭জনৰ, ইণ্ডোনেছিয়াত ৬,৫৭৫জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫৮২জনৰ, ব্রাজিলত ৩৬,৯২৫জন আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২,৩৩২জনৰ, জাপানত ১০,২৯৬জন আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ২২২জনে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰিপ্রেক্ষিতত বিশ্বৰ প্রায় ১৩০খন দেশত লকডাউন চলি আছে৷