নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীৰ শুকাই যোৱা নদীত উদ্ধাৰ বিশ্বযুদ্ধৰ বোমা

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ভয়াৱহ খৰাঙৰ বাবে ইটালীত এখন শুকাই যোৱা নদীত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ এটা নুফুটা বোমা৷ উল্লেখনীয় যে ইটালীৰ পো নামৰ ৪০০ মাইল দৈর্ঘ্যৰ নদীখনৰ বৃহৎ অংশ শুকাই গৈছে খৰাঙৰ বাবে৷ নদীখনৰ শুকাই যোৱা বক্ষত একাংশ মাছমৰীয়াই প্রথম দেখিবলৈ পায় ৪০০ কিলোগ্রাম ওজনৰ বোমাটো৷

স্মর্তব্য যে ৭০ বছৰ পিছত ইটালীত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই বোমাটো স্থানীয় মাছমৰীয়াসকলে প্রত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী আৰু সেনাই এই বোমাটো বিশেষজ্ঞৰ জৰিয়তে নিষ্ক্রিয় কৰাৰ পূর্বে অঞ্চলটোৰ পৰা ৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়৷ স্মর্তব্য যে ইউৰোপৰ বিভিন্ন দেশত এতিয়াও উদ্ধাৰ হৈ আছে দ্বিতীয় বিশ্ব যুদ্ধৰ নুফুটা বোমা৷

You might also like