‘ইমিগ্রেচন’ অস্থায়ী ৰূপত বন্ধৰ সিদ্ধান্ত ট্রাম্পৰ
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিড–১৯–এ সংহাৰী ৰূপ লোৱা আমেৰিকা যুক্তৰাষ্ট্রত নিবনুৱাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ সংস্থাপন হেৰুৱাইছে লক্ষ লক্ষ আমেৰিকাৰ নাগৰিকে৷ এনে পৰিপ্রেক্ষিততেই আমেৰিকালৈ লোভনীয় সংস্থাপনৰ বাবে অহা বিদেশী নাগৰিকৰ প্রব্রজন (ইমিগ্রেচন) ৰোধ কৰাৰ সিদ্ধান্ত লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে যোৱা নিশা প্রব্রজন সন্দর্ভত ভিছা অস্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে বিদেশী নাগৰিক প্রব্রজন অস্থায়ী ৰূপত বাতিল কৰা সিদ্ধান্তৰ কার্যকৰী নির্দেশত স্বাক্ষৰ কৰিব বুলি যোৱা নিশা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷
এক টুইটত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কয়– অদৃশ্য শত্রুৰ আক্রমণৰ সংহাৰৰ প্রতি লক্ষ্য ৰাখি আমাৰ মহান আমেৰিকান নাগৰিকৰ সংস্থাপনৰ সুৰক্ষাৰ আৱশ্যকৰ বাবেই প্রব্রজন অস্থায়ীভাৱে বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷
উল্লেখ্য যে মার্কিন যুক্তৰাষ্ট্রত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা তথ্য–প্রযুক্তিকে ধৰি শিক্ষা, স্বাস্থ্যখণ্ডত অনেক বিদেশী লোকে প্রব্রজনৰ ভিছা লৈ কর্মৰত হৈ আহিছে৷ এই বিদেশী লোকসকলৰ বাবেই দেশখনত স্থানীয় নাগৰিকৰ কর্মসংস্থাপনত ব্যাঘাত জন্মে বুলি বিগত সময়ছোৱাত চর্চা হৈ আহিছে৷ স্বয়ং ৰাষ্ট্রপতি ট্রাম্পেও এই সন্দর্ভত বিতর্কিত মন্তব্য কৰা দেখা যায়৷ দেশখনৰ প্রধান চহৰ নিউয়র্ককে ধৰি বিভিন্ন প্রান্তত ক’ভিড–১৯ত ৮ লাখতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৪১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু ঘটিছে৷ দেশখনৰ অর্থনীতি বিধ্বস্ত হৈ পৰিছে৷ ইয়াৰ পৰা উদ্ধাৰ পাবলৈ গ্রহণ কৰিবলগীয়া কঠোৰ সিদ্ধান্তৰ ভিতৰত এটি প্রব্রজন বাতিল বুলি চর্চিত হৈছে৷