ইমৰানৰ বিস্ফোৰক মন্তব্যঃ চোৰক ক্ষমতা দিয়াতকৈ পাকিস্তানত পৰমাণু বোমা দিয়াই ভাল
নিয়মীয়া বাৰ্তা, ১৫মে’: অনাস্থা প্রস্তাৱেৰে শাসনৰ পৰা উৎখাত হোৱা পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানে নতুন চৰকাৰখনৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আন্তর্জাতিক সংবাদ মাধ্যমৰে হোৱা কথোপকথনত প্রাক্তন প্রধানমন্ত্রী ইমৰান খানে শ্বেহৱাজ শ্বৰীফ চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে চোৰসকলক ক্ষমতা দিয়াতকৈ দেশখনত পৰমাণু বোমা দিয়াই ভাল৷ এনে চোৰসকল ক্ষমতালৈ আহিলে দেশখনৰ সকলো প্রতিষ্ঠান আৰু ন্যায়িক ব্যৱস্থা ধ্বংস কৰি তুলিব৷ তদুপৰি যিসকল শক্তিশালী লোকে পূর্বতে দুর্নীতিত লিপ্ত হৈ কাৰাবাস খাটিবলগীয়া হৈছে, তেনে লোকে তেওঁৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন কৰে বুলি কয় খানে৷