ইমৰান খানৰ মন্তব্যক কেন্দ্র কৰি বিশ্বজুৰি প্রতিক্রিয়া
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ কুখ্যাত সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাৰ প্রাক্তন মুৰব্বী ওছামা বিন লাডেনক ‘শ্বহীদ’ আখ্যা দি বিশ্বজুৰি সমালোচিত হৈছে পাক প্রধানমন্ত্রী ইমৰান খান৷ কালি প্রধানমন্ত্রীগৰাকীয়্ সংসদত ওছামা বিন লাডেন আমেৰিকাৰ আক্রমণত শ্বহীদ হোৱা বুলি সংসদত ঘোষণা কৰিছিল৷ ৯/১১ৰ সন্ত্রাসবাদী মাষ্টাৰমাইণ্ড লাডেনক মার্কিন ছীল কমাণ্ডোৱে পাকিস্তানী চহৰ এব’টাবাদত গোপন অভিযান চলাই হত্যা কৰিছিল ২০১১ চনত৷ স্মর্তব্য যে পাকিস্তানী সামৰিক মুখ্য কার্যালয়ৰ সমীপতে গোপনে আশ্রয় লৈ থকা লাডেন সন্দর্ভত কোনোধৰণৰ অভিযানৰ আগতীয়া খবৰ পাকিস্তানক জনোৱা নাছিল আমেৰিকাই৷ আমেৰিকাই এনেধৰণে দেশখনত গোপন অভিযান চলোৱা বিষয়টো অস্বস্তিকৰ বুলিও উল্লেখ কৰে খানে৷ ইফালে খানৰ এই মন্তব্যৰ পাছতে বিৰোধী দলসমূহে নেতাগৰাকীক কঠোৰ সমালোচনা কৰাৰ উপৰি বিশ্বৰ বিভিন্ন দেশত ইমৰান খানক ‘তালিবান খান’ বুলি কটাক্ষ কৰা হৈছে৷