উবেৰে চাটাই কৰিব বিশ্বজুৰি ২০ শতাংশ কর্মচাৰী
নিয়মীয়া বাৰ্তা, ১ মেঃ লকডাউনৰ ফলত ক্ষতিগ্রস্ত হোৱা উবেৰে বিশ্বজুৰি কর্মশক্তি হ্রাস কৰিব বুলি ঘোষণা কৰিছে৷ বিশ্বৰ কেইবাখনো ৰাষ্ট্রত থকা উবেৰৰ মুঠ ২৭ হাজাৰ কর্মচাৰীৰ ভিতৰত ২০ শতাংশ কর্মচাৰী চাটাই কৰিব অর্থাৎ ৫,৪০০ কর্মচাৰীয়ে চাকৰি হেৰুৱাব৷ ক’ভিড–১৯ৰ সংহাৰী ৰূপৰ বাবে বিশ্বব্যাপী তলাবন্ধ অব্যাহত থকাত ভ্রমণ আৰু পৰিবহণ উদ্যোগ ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে৷ ইতিমধ্যে উবেৰো ক্ষতিৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবে সংস্থাটোৱে মে’ মাহৰ পৰা কর্মচাৰীৰ বেছ ছেলাৰীৰ পৰা ১০–৩০ শতাংশ কর্তন কৰাৰ পৰিকল্পনা যুগুত কৰিছে৷ উবেৰৰ চীফ টেকন’লজী অফিচাৰ থুৱান ফামে প্রকাশ কৰা মতে লকডাউনৰ ফলত ক্ষতিৰ সন্মুখীন হোৱাৰ বাবে ইতিমধ্যে কোম্পানীটোৱে চাকৰিৰ পৰা কর্মচাৰী চাটাই অভিযান আৰম্ভ কৰিছে৷ কালি ৯৮২জন কর্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷ বিগত বর্ষতো উবেৰে এক হাজাৰতকৈ অধিক চাকৰি কর্তন কৰিছিল ৷