এণ্টার্কটিকালৈ নামি আহিছে নতুন বিপর্যয়
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এণ্টার্কটিকাৰ হিমস্তৰৰ গলনৰ মাত্রা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অষ্ট্রেলিয়াৰ এগৰাকী জলবায়ু বিজ্ঞানীয়ে সংবাদ সংস্থা ৰয়টাৰক জনোৱা অনুসৰি, গোলকীয় উষ্ণতা বৃদ্ধিয়ে এণ্টার্কটিকাত যি হাৰত বৰফ নিঃশেষ কৰি আহিছে, তাৰ দ্বাৰা মহাসাগৰত বিভিন্ন বিপর্যয়ৰ সৃষ্টি হ’ব৷ বায়ুমণ্ডলৰ পৰা এঙাৰ গেছৰ মাত্রা হ্রাস কৰিব নোৱাৰিলে বৰফ গলনৰ প্রক্রিয়াত বাধা প্রদান কৰাটো কোনো প্রকাৰেই সম্ভৱ নহ’ব বুলিও বিজ্ঞানীগৰাকীয়ে ৰয়টাৰৰ আগত উল্লেখ কৰিছে৷
শেহতীয়াকৈ মানৱ জাতিৰ বিভিন্ন কাম–কাজে গোলকীয় উষ্ণতা বৃদ্ধিত যোগাইছে ইন্ধন৷ জো থমাছ নামৰ বিজ্ঞানীগৰাকীৰ মতে, এণ্টার্কটিকাৰ বৰফীয় আচ্ছাদন গলি নিঃশেষ হ’লে পৃথিৱীৰ ভৱিষ্যৎ বুলি একোৱেই বর্তি নাথাকিব৷ ইতিমধ্যে বিজ্ঞানীগৰাকীৰ এক অধ্যয়নৰ প্রতিবেদনত প্রকাশ পাইছে কেইবাখনো জার্নালত৷