নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ক লৈ মতানৈক্য; ৰাজ্যপাললৈ কঠোৰ পত্র পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতাৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু ৰাজ্যপাল জগদ্বীপ ধনখৰৰ মাজত পুনৰ মতানৈক্য তীব্রতৰ হৈছে৷ ৰাজ্যপালগৰাকীয়ে ৰাজ্যিক প্রশাসনৰ কাম–কাজত অযথা হস্তক্ষেপ কৰা বুলি অভিযোগ কৰা বুলি মুখ্যমন্ত্রী মমতা বেনার্জীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে ৰাজ্যপাল ধনখৰে পাহৰি গৈছে নিজে এগৰাকী মনোনীত নেতাহে৷

ইফালে, নিজকে ৰাজ্যখনৰ নির্বাচিত মুখ্যমন্ত্রী বুলি ৰাজ্যপালক সোঁৱৰাই দি মমতা বেনার্জীয়ে ধনখৰক সাংবিধানিক নীতি–আদর্শক উলংঘা নকৰিবলৈ সতর্ক কৰি দিছে৷ সাংবিধানিক ধর্ম কি সেই কথা ৰাজ্যপালগৰাকীয়ে মনত ৰখা উচিত বুলিও কঠোৰ মন্তব্য আগবঢ়াইছে মমতাই৷

উল্লেখনীয় যে ধনখৰলৈ লিখা এক পত্রত কালি মুখ্যমন্ত্রীগৰাকীয়ে এই কথা সোঁৱৰাই দিয়াৰ পিছতেই বিষয়টোক লৈ দেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত পশ্চিমবংগ চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই বুলি অভিযোগ কৰি আহিছে ৰাজ্যপাল ধনখৰে৷

You might also like