নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ পজিটিভ ব্যক্তিৰে সংস্পৰ্শঃ ছেল্ফ আইছ’লেচনত পাক প্রধানমন্ত্রী ইমৰান খান

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ পাকিস্তানৰ এটা চেৰিটী গ্রুপ ইধি ফাউণ্ডেচনৰ মুৰব্বী ফইজাল ইধিয়ে দেশখনৰ প্রধানমন্ত্রী ইমৰান খানক সাক্ষাৎ কৰাৰ পাছতে তেওঁৰ শৰীৰত ক’ভিড–১৯ ভাইৰাছ ধৰা পৰাত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ প্রধানমন্ত্রী ইমৰান খানে ব্যক্তিজনক সাক্ষাৎ কৰাৰ বাবে কালি ক’ৰোনা ভাইৰাছৰ টেষ্ট কৰাবলগা হয়৷ এই টেষ্টৰ ফলাফল নিগেটিভ আহিল যদিও বর্তমান পাকিস্তানৰ প্রধানমন্ত্রীজন ছেল্ফ আইছ’লেচনত থাকিবলগা হৈছে৷

উল্লেখ্য যে কেইদিনমান আগতে প্রধানমন্ত্রী ইমৰান খানক ইছলামাবাদত সাক্ষাৎ কৰি ফইজালে পি এম ক’ৰোনা ৰিলিফ ফাণ্ডৰ বাবে ১ কোটি টকাৰ সাহায্য প্রদান কৰিছিল৷ এই সক্ষাতৰ পাছতেই ফাইজালৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ উল্লেখ্য যে পাকিস্তানত এতিয়ালৈকে ৯,৭৪৯জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে আৰু ২০৯জন লোকৰ মৃত্যু হৈছে৷

You might also like