নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ ৰ মাজতে দক্ষিণ কোৰিয়াত নির্বাচন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ ক’ভিড–১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে আতংক বিস্তাৰ কৰাৰ সময়তে বুধবাৰে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হয় সংসদীয় নির্বাচন ৷ এই নির্বাচনত বুধবাৰে পুৱাৰে পৰা ক’ভিড–১৯ৰ প্রতিৰোধৰ বাবে বিভিন্ন নিয়ম মানি ভোট কেন্দ্রবোৰত ভোটদানৰ বাবে উপস্থিত হয় নাগৰিকসকল ৷ প্রতিটো ভোট কেন্দ্রতে নাগৰিকসকলে মাস্ক আৰু গ্ল’ভছ পৰিধান কৰি সামাজিক দূৰত্বক বজাই ৰাখিহে ভোটদান কৰে ৷ লক্ষণীয়ভাৱে দেশখনৰ সংসদীয় নির্বাচনৰ বাবে পূর্বেই সময়সূচী নির্ধাৰণ কৰা হৈছিল ৷ কিন্তু নির্বাচনত ভোটাৰসকলে ক’ভিড–১৯ৰ মোকাবিলা কৰিবলৈ বিভিন্ন নিয়ম পালন কৰাটো বাধ্যতামূলক কৰি তুলিছিল নির্বাচনী কার্যালয়ে ৷ দেশখনৰ মুঠ ৩০০ সংসদীয় আসনৰ বাবে এই নির্বাচনত ৩৫টা ৰাজনৈতিক দলে প্রার্থী প্রক্ষেপ কৰিছে ৷ পর্যবেক্ষকসকলৰ শাসকীয় ডেম’ক্রেটিক পার্টী আৰু মূল বিৰোধী ইউনাইটেড ফিউছাৰ পার্টীৰ মাজত সীমাবদ্ধ থাকিব প্রতিদ্বন্দ্বিতা ৷

You might also like