কানাডাত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত ১৬
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ কানাডাত বন্দুকধাৰীৰ নৃশংস গুলীচালনাত ১৬গৰাকী নিহত হৈছে ৷ শনিবাৰ আৰু দেওবাৰৰ এই ঘটনাই দেশখনত সৃষ্টি কৰিছে চাঞ্চল্য ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, গেব্রিয়েল ৱর্টমেন নামৰ ৫১ বছৰীয়া বন্দুকধাৰীজন পেছাত এগৰাকী দন্ত চিকিৎসক আছিল৷ দেশখনৰ মফচলীয় চহৰ পর্টাপিকত সংঘটিত হৈছে এই ঘটনা৷ হালিফাক্স চহৰৰ পৰা ৬০ মাইল নিলগৰ চহৰখনত এটা বাসগৃহত নির্বিচাৰ এই হত্যাকাণ্ড সংঘটিত কৰা গেব্রিয়েল ৱর্টমেন ১২ ঘণ্টা পাছত আৰক্ষীৰ গুলীত নিহত হয়৷ নিহত লোকসকলৰ ভিতৰত এগৰাকী আৰক্ষী বিষয়ায়ো আছে৷ দুটাকৈ স্থানত গেব্রিয়েলে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ স্মর্তব্য যে দেশখনৰ ইতিহাসত এয়া আটাইতকৈ নৃশংস হত্যাকাণ্ড বুলি চিহ্ণিত হৈছে৷ নিহত লোকসকলৰ ভিতৰত কেইবাগৰাকীও মহিলা থকাটো আৰক্ষীয়ে নিশ্চিত কৰিছে যদিও কাৰো পৰিচয় সদৰী কৰা নাই৷ ইফালে এই ঘটনাত তিনিগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে ৷