নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালান্তক ক’ৰোনাৰ বিভীষিকাঃ বিশ্বত পজিটিভ ৫০ লাখ

নিয়মীয়া বাৰ্তা, ২১ মেঃ  কালান্তক ক’ৰোনাৰ কৰালগ্রাসত বিশ্ব৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংহাৰত ত্রাসিত বিশ্ববাসী৷ অসহায় আধুনিক চিকিৎসা বিজ্ঞান৷ একবিংশ শতিকাৰ তৃতীয় দশকৰ প্রাৰম্ভিক বর্ষতে অনাকাংক্ষিত মহামাৰী ভাইৰাছে ত্রাহি মধুসূদন সোঁৱৰাইছে জীৱশ্রেষ্ঠক৷ মানৱ সভ্যতাক প্রত্যাহ্বান জনাই মাৰাত্মক ক’ভিড–১৯এ প্রাণ কাঢ়ি লৈছে   শত সহস্রজনৰ৷ প্রতি ক্ষণে ক্ষণে আক্রান্ত হৈছে বিশ্বৰ প্রান্তে প্রান্তে লক্ষজন৷ চীনৰ য়ুহান চহৰত প্রাদুর্ভাৱ ঘটি বিশ্বৰ ২১৩খন দেশলৈ সম্প্রসাৰিত হোৱা এই মহামাৰী ভাইৰাছত আক্রান্তৰ সংখ্যা ৫০ লাখ অতিক্রম কৰিলে৷  তেনেদৰে প্রাণহানি হোৱাৰ লোকৰ সংখ্যাও ৩.২৫ লক্ষাধিকলৈ বৃদ্ধি পাইছে৷ ২০১৯ বর্ষৰ শেহৰ পিনে চীনৰ হুৱে প্রদেশৰ য়ুহান চহৰত প্রাদুর্ভাৱ ঘটি দেশখনত সংহাৰী ৰূপ লোৱাৰ পিছত বিশ্বৰ ইখন দেশৰ পৰা সিখন দেশলৈ সম্প্রসাৰিত হয়৷ চীন চৰকাৰে এই ভাইৰাছটো সম্পর্কে ২০১৯ চনৰ ৩১ ডিচেম্বৰত প্রথমজন ৰোগী আক্রান্ত হৈ মৃত্যুমুখত পৰা বুলি প্রকাশ কৰাৰ পিছতেই ক’ৰোনা ভাইৰাছক লৈ চর্চা আৰম্ভ হয়৷
    চীনত ৮০ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রায় ৪ হাজাৰ লোকে প্রাণ হেৰুওৱাৰ সন্ধিক্ষণত দেশখনে ভাইৰাছটো নিয়ন্ত্রণলৈ আনিবলৈ প্রায় সক্ষম হয় যদিও এই ভাইৰাছে পাছলৈ বিশ্বৰ চহকী সমৃদ্ধিশালী দেশসমূহক কঁপাই তোলে৷ ইউৰোপৰ ইটালী, স্পেইন, ফ্রান্স, জার্মানী, গ্রেট বিটেইনত সংহাৰী ৰূপ লৈ থকাৰ সময়তে ন’ভেল ক’ৰোনা ভাইৰাছৰ হটস্পট হৈ পৰে আমেৰিকা যুক্তৰাষ্ট্র৷ বিশ্বৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্রত সর্বাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে সর্বাধিকৰ লোকৰ প্রাণহানি হয়৷ আমেৰিকাৰ পিছতেই মৃত্যু উপত্যকাত পৰিণত হোৱা দেশসমূহ হৈছে– ইটালী, স্পেইন, ফ্রান্স, জার্মানী, গ্রেট ব্রিটেইন, ব্রাজিল, তুৰস্ক, ইৰান আদি৷ চীনত প্রাদুর্ভাৱ ঘটা ক’ৰোনা ভাইৰাছক যোৱা ১১ ফেব্রুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে ২০১৯ ন’ভেল ক’ৰোনা ভাইৰাছ (২০১৯–এন ক’ভ) তথা ক’ভিড–১৯ হিচাপে নামকৰণ কৰে৷ ইপিনে, বিশ্বৰ দেশে দেশে এই ভাইৰাছটোৰ সংক্রমণৰ ভয়াৱহতা বৃদ্ধি পোৱাত বিশ্ব স্বাস্থ্য সংস্থাই ১১ মার্চত মহামাৰী হিচাপে ঘোষণা কৰে৷ ইয়াৰ পিছতেই বিশ্বজুৰি ক’ভিড–১৯ৰ সংহাৰ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰে৷ আধুনিক চিকিৎসা বিজ্ঞানত মহামাৰী ক’ভিড–১৯ ৰোগীক আৰোগ্যৰ বাবে বিশেষ ঔষধৰ অভাৱ আৰু ইয়াৰ প্রতিৰোধৰ বাবে ভেকচিন নথকাত ই দেশে দেশে ভবাতকৈ অধিক ভয়াৱহ হৈ উঠে৷
  তথ্য মতে, চীনত ২০১৯ৰ ৩১ ডিচেম্বৰত ক’ভিড–১৯ত আক্রান্ত হৈ প্রথমজন ৰোগীয়ে প্রাণ হেৰুওৱাৰ পিছত আজিলৈকে বিশ্বৰ ২১৩খন দেশত আক্রান্ত হৈ ৩.২৫ লাখতকৈ অধিক লোকৰ মৃত্যু ঘটিছে৷ আনপিনে আক্রান্তৰ সংখ্যা ১ লাখ স্পর্শ কৰিবলৈ আৰম্ভণিতে ৬৭ দিনৰ প্রয়োজন হৈছিল যদিও পিছলৈ ২ লাখ লোক আক্রান্ত হ’বলৈ মাত্র ১১ দিনৰ প্রয়োজন হৈছিল৷ ইয়াৰ পিছত আৰু অধিক ভয়াৱহ ৰূপ লৈ ক্রমে ৩ লাখ হ’বলৈ মাত্র চাৰি দিন লাগে৷ ৪ লাখ হ’বলৈ তিনি দিন, ৫ লাখ হ’বলৈ ২.৫ দিন আৰু ৬ লাখ হ’বলৈ দুদিনৰ প্রয়োজন হৈছিল৷ কিন্তু ই এনে ৰূপ ল’লে যে পিছলৈ ৭ লাখ মাত্র এদিনতে হৈছিল৷ আৰু এনে পর্যায় পাইছিল যে ১২ ঘণ্টাতে ১ লাখ আক্রান্তৰ সংখ্যা স্পর্শ কৰে৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ ইমানেই দ্রুতগতিত বৃদ্ধি পালে যে ১৪২ দিনৰ ভিতৰতে বিশ্বজুৰি আক্রান্তৰ সংখ্যাই ৫০ লাখ অতিক্রম কৰিলে৷ অর্থাৎ প্রতিদিনে আনুমানিক গড়ে আক্রান্ত হৈছে ৩৫ সহস্রাধিক লোক৷ প্রতিঘণ্টাত আক্রান্ত হৈছে ১৪ শতাধিক লোক৷ চীনৰ পিছত ইটালীত আক্রান্ত আৰু মৃতকৰ সংখ্যাই বিশ্ববাসীক ত্রাসিত কৰি ৰখাৰ সময়তে স্পেইন, গ্রেট ব্রিটেইন, ফ্রান্স, জার্মানী, বেলজিয়াম আদি দেশতো ক’ভিড–১৯ৰ সংহাৰে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰে৷ এই দেশকেইখনত ভয়াৱহতা চলি থাকোঁতেই আমেৰিকাত সংহাৰী ৰূপ লৈ দেশখনত সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা লোকৰ সংখ্যা বাঢ়ে৷
    ইপিনে, আমেৰিকাৰ পিছতেই ৰাছিয়াত ক’ভিড–১৯এ ভয়াৱহ ৰূপ লয়৷ অৱশ্যে বিশ্বৰ আন দেশৰ তুলনাত ৰাছিয়াত কিছু পলমকৈ ক’ভিড–১৯এ প্রৱেশ কৰে আৰু ইয়াৰ লগে লগে সংহাৰী ৰূপ লয়৷ অতি কম সময়ৰ ভিতৰতে দেশখনত আক্রান্তৰ সংখ্যাই ৩ লাখ অতিক্রম কৰে৷ অৱশ্যে এই দেশখনত আন দেশৰ তুলনাত মৃত্যুৰ সংখ্যা কম৷ আনহাতে ব্রাজিলতো ক’ভিড–১৯এ ভয়াৱহ সংক্রমেণেৰ আক্রান্তৰ সংখ্যা প্রায় ৩ লাখৰ ওচৰ চাপে আৰু মৃত্যু ঘটে ১৬ সহস্রাধিক লোকৰ৷ বিগত ২৪ ঘণ্টাত ব্রাজিলত এদিনত সর্বাধিক ১,১৭৯জনৰ মৃত্যু ঘটাত দেশখনত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৭ সহস্রাধিক হয়৷ আক্রান্তৰ সংখ্যাৰেও ই বিশ্বৰ তালিকাত চতুর্থ স্থানলৈ উন্নীত হয়৷ আনপিনে চাৰিটাকৈ লকডাউনৰ পর্যায় চলি থাকিলেও ভাৰততো আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ দেশখনৰ আক্রান্তৰ সংখ্যা লক্ষাধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা তিনি সহস্রাধিক৷ সন্ধিয়া ৮.৩০ বজাত বাতৰি যুগুতোৱাৰ পৰলৈকে বিশ্বব্যাপী আক্রান্তৰ সংখ্যা ৫০,১৮,৬১৬লৈ বৃদ্ধি পাইছে৷ মৃতকৰ সংখ্যা বর্ধিত হৈছে ৩,২৫,৬৭৩লৈ৷ এনেদৰে আক্রান্তৰ তালিকাত শীর্ষস্থানত থকা আমেৰিকাত আক্রান্তৰ সংখ্যা ১৫,৭৩,৭৩৭ আৰু মৃতকৰ সংখ্যা ৯৩,৬৯৯, ৰাছিয়াত আক্রান্ত ৩,০৮,৭০৫ আৰু মৃতকৰ সংখ্যা ২,৯৭২, স্পেইনত আক্রান্ত ২,৭৮,৮০৩ আৰু মৃতকৰ সংখ্যা ২৭,৭৭৮, ব্রাজিলত আক্রান্ত ২,৭১,৮৫৫ আৰু মৃতকৰ সংখ্যা ১৭,৯৮৩, গ্রেট ব্রিটেইনত আক্রান্ত ২,৪৮,৮১৮ আৰু মৃতকৰ সংখ্যা ৩৫,৩৪১, ইটালীত আক্রান্ত ২,২৬,৬৯৯ আৰু মৃতকৰ সংখ্যা ৩২,১৬৯, ফ্রান্সত আক্রান্ত ১,৮০,৮০৯ আৰু মৃতকৰ সংখ্যা ২৮,০২২, জার্মানীত আক্রান্ত ১,৭৭,৯৮৯ আৰু মৃতকৰ সংখ্যা ৮,২০৯, তুৰস্কত আক্রান্ত ১,৫১,৬১৫ আৰু মৃতকৰ সংখ্যা ৪,১৯৯, ইৰানত আক্রান্ত ১,২৬,৯৪৯ আৰু মৃতকৰ সংখ্যা ৭,১৮২জন৷ এনেদৰে পেৰুত আক্রান্ত প্রায় ১ লক্ষ আৰু মৃতকৰ সংখ্যা ২,৯১৪৷ চীনত আক্রান্ত ৮২,৯৬৫ আৰু মৃতকৰ সংখ্যা ৪,৬৩৪৷ স্মর্তব্য যে ক’ভিড–১৯ৰ সংক্রমণৰ পৰা বিশ্ববাসী কেতিয়ালৈ হাত সাৰিব পাৰিব, তাক লৈ চর্চিত হৈছে নানান জল্পনা–কল্পনা৷ কিয়নো স্বাস্থ্যক লৈ বিশ্বৰ সর্বোচ্চ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাই এই মহামাৰী ভাইৰাছৰ সংক্রমণ ভবাতকৈ দীঘলীয়া হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷
    ইপিনে, ভাৰততো ক’ৰোনা আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ কালি এদিনত সর্বাধিক ৬ সহস্রাধিক লোক আক্রান্ত হোৱাৰ পিছত আজি কিছু হ্রাস পালেও আক্রান্ত হৈছে ৫ সহস্রাধিক৷ নিশা দহ বজাত সংগৃহীত তথ্যমতে আজি দেশখনত ৫১৯০জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ১,১১,৬৭১লৈ বৃদ্ধি পাইছে৷ আনপিনে আজি ১২৮জন লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৩,৪৩০লৈ বৃদ্ধি হৈছে৷ সর্বাধিক আক্রান্ত মহাৰাষ্ট্রত আজিও ২,১৬১জন লোক আক্রান্ত হৈছে৷
You might also like