নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ ক’ৰোনামুক্ত হৈ আছে বিশ্বৰ ১৮ খন দেশ ?

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰাৰ সময়তে বৰ্তমানেও ক’ৰোনাৰ কোপদৃষ্টিৰ পৰা মুক্ত হৈ আছে বিশ্বৰ কেইবাখনো দেশ । এই মহামাৰীৰ প্ৰভাৱ নপৰাকৈ বিশ্বত যি ১৮ খন ৰাষ্ট্ৰ আছে সেইসমূহক ক’ৰোনামুক্ত দেশ হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই ।

এইসমূহ দেশ ক’ৰোনা মুক্ত হৈ থকাৰ কি যাদু সেয়া নিশ্চয় আপুনি ভাবিছে । অৱশ্যে শান্ত আৰু নিম্নতম জনবসতি পূৰ্ণ এইসমূহ দেশত পৰ্যটকৰ আগমন নঘটে বুলি ক’লেও ভুল কোৱা নহ’ব । অৱশ্যে এই তালিকাত থকা দুখন শক্তিশালী ৰাষ্ট্ৰৰ ক’ৰোনা আক্ৰান্ত নোহোৱা বিষয়টোত এতিয়াও নিশ্চিত হ’ব পৰা নাই ৰাষ্ট্ৰসংঘ । এই দুখন ৰাষ্ট্ৰ হৈছে উত্তৰ কোৰিয়া আৰু য়েমেন ।

চীনৰ নিকটৱৰ্তী উত্তৰ কোৰিয়াত বৰ্তমানেও ক’ৰোনা আক্ৰান্তৰ তথ্য পোহৰলৈ অহা নাই বুলি দাবী কৰিছে চৰকাৰ তথা প্ৰশাসনে । অৱশ্যে বিশেষজ্ঞৰ দাবী উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উনে বিশ্বৰ সমুখত দাঙি ধৰা নাই প্ৰকৃত সত্য । একেই অভিযোগ উঠিছে য়েমেনৰ চৰকাৰ আৰু প্ৰশাসনৰ ওপৰতো । অৱশ্যে দুয়োখন দেশক বাদ দি ১৬ খন দেশত যে ক’ৰোনাৰ কোনো প্ৰভাৱ নাই সেই ক্ষেত্ৰত সম্পূৰ্ণ নিশ্চিত ৰাষ্ট্ৰসংঘ ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি , একাধিক ক্ষুদ্ৰ দ্বীপ অথবা দেশত এতিয়াও প্ৰভাৱ পৰা নাই ক’ৰোনাৰ । এইসমূহ দেশৰ জনসংখ্যা ১০ হাজাৰৰ কম অথবা অলপ বেছি । কম জনবসতিপূৰ্ণ ক’ৰোনামুক্ত এই দেশসমূহৰ তালিকাত আছে নাওৰু, কিৰিবাতি, টুভালুৰ, লেচথ’ , মাৰ্চাল আইলেণ্ড, মাইক্ৰোচিয়া, পালাও, চামুয়া আইলেণ্ড, টোমে এণ্ড প্ৰিন্সিপি, চলোম’ন আইলেণ্ড, দক্ষিণ চুডান, তাজিকিস্তান, তুৰ্কমেনিস্তান, টোঙ্গা, ভানুয়াতু আদিৰ দৰে দেশ ।

এই তালিকাত থকা এনে দহখন দেশ আছে য’ত কোনো পৰ্যটকে আজিলৈকে পদাৰ্পন কৰা নাই বুলিলেও ভুল কোৱা নহ’ব । এই দেশসমূহতো বৰ্তমান সময়ত বৰ্তাই ৰখা হৈছে সামাজিক দূৰত্ব । সেইবাবেই বৰ্তমানেও এই দেশসমূহ মহামাৰী ক’ৰোনাৰ পৰা মুক্ত বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে ।

You might also like