কোন কোন দেশত ক’ৰোনা ভাইৰাছৰ ‘No Entry’! জানি হতবাক হৈছে খোদ বৈজ্ঞানিকো…
নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ চীনৰ উপৰি বিশ্বৰ বিভিন্ন দেশলৈ ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটিছে ৷ ইপিনে এতিয়ালৈকে হাজাৰৰো অধিক লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । স্মর্তব্য যে এই ভাইৰাছবিধৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীসকলে গৱেষণাগাৰত বিৰামহীন পৰীক্ষা চলাই আছে যদিও এইক্ষেত্রত সফল হ’ব পৰা নাই ৷ তেনে ক্ষেত্ৰত প্ৰায় দেৰ মাহ সময় পাৰ হোৱাৰ পাছতো এনে কিছুমান দেশ আছে য’ত এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ ‘No Entry’লাগি আছে । যাৰ বাবে খোদ বৈজ্ঞানিক আৰু ডাক্তৰসকলো এই সন্দৰ্ভত আচৰিত হৈছে ।
জানিব পৰা মতে বিশ্বৰ প্ৰায়বোৰ দেশ ক’ৰোনাৰ আতংকত থকাৰ সময়তে আফ্ৰিকা আৰু ব্ৰাজিলসহ গোটেই দক্ষিণ আমেৰিকাৰ দেশসমূহত এটাও ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহা নাই ।
এনেকোৱা নহয় যে এই দেশসমূহৰ এজনো লোক চীনলৈ যোৱা নাই । কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ জলবায়ু বহু বেছি গৰম হোৱাৰ বাবে এই ভাইৰাছ বিধে ইয়াত সংক্ৰমণ হোৱাটো সম্ভৱ ঘটা নাই । যাৰ বাবে বৈজ্ঞানিকসকলে ধাৰণা কৰি লৈছে এইবাবেই এই দেশসমূহত এতিয়ালৈকে ক’ৰোনাই আক্ৰমণ কৰিব পৰা নাই ।