নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত চীনলৈ ভাৰতৰ সহায়; বায়ুসেনাই প্রেৰণ কৰিলে ১৫ টন চিকিৎসা সামগ্রী

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছত আক্রান্ত চীনলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতে৷ আজি দেশখনে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে প্রায় ১৫ টন চিকিৎসা সামগ্রী চীনৰ য়ুহানলৈ প্রেৰণ কৰিছে৷ চি–১৭ নামৰ সেনা বিমানখনে ঘূৰি আহোঁতে ৮০ জনতকৈও অধিক ভাৰতীয় আৰু প্রায় ৪০ জন চুবুৰীয়া দেশৰ নাগৰিকক ভাৰতলৈ লৈ আহিব৷ উল্লেখ্য যে যোৱা সপ্তাহত ভাৰতে অভিযোগ কৰিছিল যে ক’ৰোনা ভাইৰাছত আক্রান্ত ভাৰতীয় লোকসকলক ঘূৰাই অনাৰ বাবে বিমান পঠিওৱাৰ ক্ষেত্রত চীন দেশে অনুমতি দিওঁতে পলম কৰিছিল৷ কিন্তু চীনে পিছত ভাৰতৰ এই অভিযোগ নস্যাৎ কৰে৷ আজি বিদেশ মন্ত্রালয়ে কয় যে চীনত মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণৰ বাবে চীনক সহায় কৰিবৰ বাবেই ভাৰতে এই চিকিৎসা সামগ্রীখিনি প্রেৰণ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থায়ো চীনৰ এই দুর্যোগক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ বৈদেশিক মন্ত্রালয়ে কয় যে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে কঢ়িয়াই নিয়া এই ১৫ টন চিকিৎসা সামগ্রীৰ ভিতৰত মাস্ক, গ্ল’ভছ আৰু অন্যান্য জৰুৰীকালীন চিকিৎসা সামগ্রী৷ বিদেশ মন্ত্রালয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে কয় যে চীনৰ জনসাধাৰণৰ প্রতি থকা ভাৰতীয় জনসাধাৰণৰ বন্ধুত্ব আৰু সহমর্মিতা প্রকাশৰ বাবেই দেশখনে এই সহায়ৰ হাত আগবঢ়াইছে৷ উল্লেখ্য যে চীনত এতিয়ালৈকে ক’ৰোনা ভাইৰাছত আক্রান্ত ২,৭১৫জন ব্যক্তিৰ মৃত্যু হৈছে আৰু প্রায় ৭৮,০৬৪জন লোক আক্রান্ত হৈছে৷

You might also like