নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬৬৫লৈ বৃদ্ধি

চীনত একেৰাহে তৃতীয়দিনলৈ হ্রাস নতুনকৈ সংক্রমণৰ ঘটনা

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,৬৬৫গৰাকীলৈ বৃদ্ধি পাইছে যদিও একেৰাহে তৃতীয় দিনৰ বাবে ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা হ্রাস পোৱা বুলি ঘোষণা কৰিছে চীনে৷ আজি বেইজিং প্রশাসনে উল্লেখ কৰা অনুসৰি ক’ৰোনাত নতুনকৈ সংক্রমিত হৈছে ২,০০৯গৰাকী লোক৷ পূর্বৰ তুলনাত এই নতুনকৈ সংক্রমিত লোকৰ সংখ্যা অভাৱনীয়ভাৱে হ্রাস পোৱা বুলি ঘোষণা কৰিছে বেইজিং প্রশাসনে৷ স্মর্তব্য যে নতুনকৈ দেশখনত এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১৪২গৰাকী লোকে৷ তথাপি বেইজিং প্রশাসনৰ মতে ক’ৰোনাৰ বিৰুদ্ধে প্রতিৰোধী ব্যৱস্থা গ্রহণৰ ক্ষেত্রত সফল হৈছে চৰকাৰ৷ স্মর্তব্য যে এতিয়ালৈকে এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ চিকিৎসা গ্রহণ কৰি আছে মুঠ ৬৮ হাজাৰ লোকে৷ চীনৰ উপৰি বিশ্বৰ বিভিন্ন দেশলৈ এই ভাইৰাছবিধৰ বিস্তাৰ ঘটিছে৷ ইউৰোপত এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুৱাইছে প্রথমগৰাকী চীনা পর্যটকে৷ স্মর্তব্য যে এই ভাইৰাছবিধৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীসকলে গৱেষণাগাৰত বিৰামহীন পৰীক্ষা চলাই আছে যদিও এইক্ষেত্রত সফল হ’ব পৰা নাই ৷

You might also like