ক’ৰোনাৰ বাবে কর্কট ৰোগীকো অন্য চহৰলৈ যোৱাত বাধা
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ বাবে এতিয়া চীনৰ এখন চহৰৰ সৈতে আন এখন চহৰৰ যাতায়াত কঠিন হৈ পৰিছে৷ প্রশাসনে ক’ৰোনাৰ বাবে যাতায়াত ব্যৱস্থাত প্রতিৰোধ লগোৱাৰ ফলত এক হূদয়বিদাৰক কাহিনীৰ সাক্ষী হ’ব লগা হৈছে ৱুহান৷ ৱুহানৰ এখন গাঁৱৰ বাসিন্দা ৫০ বছৰীয়া লু য়ুৱেজিনে নিজৰ ২৬ বছৰীয়া কর্কট আক্রান্ত কন্যাক য়াংটজে নদীৰ সিপাৰৰ জিউজিয়াং চহৰৰ হাস্পতাললৈ নিব পৰা নাই ভ্রমণত থকা প্রতিবন্ধকতাৰ বাবে৷
ৰক্ত কর্কটত ভুগি থকা ২৬ বছৰীয়া হু পিঙক দ্বিতীয় পর্যায়ৰ কেম’থেৰাপী দিয়াৰ প্রয়োজন হৈছে যদিও জিউজিয়াঙত প্রৱেশৰ ক্ষেত্রত নদীৰ দলঙৰ মুখতেই আৰক্ষীয়ে তালাচী চকীত দুয়ো মাতৃ–কন্যাক বাধা প্রদান কৰিছে৷ মাইকত কান্দি কান্দি লুৱে কন্যাৰ এই চিকিৎসাৰ বাবে জিউজিয়াঙলৈ যোৱাৰ অনুমতি বিচাৰিছে যদিও আৰক্ষীয়ে মহিলাগৰাকীক সুযোগ দিয়া নাই৷ শেহতীয়াকৈ আন্তর্জাতিক সংবাদ মাধ্যমত এই হূদয়বিদাৰক কাহিনীয়ে খলকনি তুলিছে৷