নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংক্রমণৰ আশংকাঃ চীনৰ পৰা উভতি অহা লোকক ইউক্রেইনত আক্রমণ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ কবলত পৰা চীনৰ পৰা ওভতাই অনা ইউক্রেইনী নাগৰিকৰ কেইবাখনো বাছত দেশখনৰ বিক্ষুব্ধ জনতাই আক্রমণ চলোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ ইউক্রেইনৰ মধ্য প’লটভা অঞ্চলৰ নৱী ছানঝাৰিৰ হাস্পতালত চীনৰ পৰা ওভতাই অনা লোকসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে বাছেৰে প্রেৰণ কৰা হৈছিল ৷ তেতিয়াই বিক্ষুব্ধ জনতাই এই বাছবোৰৰ ওপৰত আক্রমণ কৰে ৷ এই ঘটনাৰ পিছতে ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে জনতাক সহমর্মিতা প্রদর্শন কৰিবলৈ অনুৰোধ জনাইছে ৷ ক’ৰোনাৰ দ্বাৰা দেশখনত বিভীষিকাৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিয়েই বিক্ষুব্ধ লোকসকলে চীনৰ পৰা উভতি অহা নাগৰিকসকলক আক্রমণ কৰিছে ৷

You might also like