নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংক্ৰমণত বিশ্বৰ ভিন্ন প্ৰান্তত ১৫জন ভাৰতীয়ৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ক’ৰোনা মহামাৰীত বিশ্বৰ ভিন্ন প্ৰান্তত থকা মুঠ ১৫ জন ভাৰতীয় লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এই প্ৰাণ হেৰুওৱা লোকসকলৰ সৰ্বাধিক ৬ জন হ’ল আমেৰিকাৰ । আনহাতে, ইটালীত ৫ জন আৰু ইউএইত ২ ভাৰতীয়ৰ মৃত্যু হৈছে । ইৰান আৰু ইজিপ্তত এজনকৈ ভাৰতীয় লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে ছুইডেনত এজন ভাৰতীয় লোকৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত ব্যক্তিজনে আত্মহত্যা কৰে । সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্ত থকা ২৫০০ জন ভাৰতীয় লোকক দেশলৈ ঘূৰাই অনা হৈছে । এই দেশসমূহ হ’ল – চীন , জাপান, ইৰান আৰু ইটালী ।

You might also like