নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকৰ মাজতো কূটাঘাতৰ ষড়যন্ত্র

লস্কৰৰ সহযোগত পাকিস্তানে গঠন কৰিছে দুটাকৈ সন্ত্রাসবাদী সংগঠন

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বজুৰি বিভীষিকা সৃষ্টি কৰাৰ সময়তো ভাৰতবিৰোধী ষড়যন্ত্র বন্ধ কৰা নাই প্রতিৱেশী বৈৰী ৰাষ্ট্র পাকিস্তানে৷ জম্মু–কাশ্মীৰত নিয়োজিত ভাৰতীয় নিৰাপত্তা কর্মীৰ ওপৰত সন্ত্রাসবাদী আক্রমণ চলোৱাৰ পৰিকল্পনা চলাইছে পাকিস্তানে৷ শেহতীয়াকৈ চোৰাংচোৱাই লাভ কৰিছে এই তথ্য৷ চোৰাংচোৱাৰ তথ্য আহি পৰিছে জি নিউজৰ হাতত৷ তথ্য অনুসৰি কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা (এলইটি)ৰ সহায়ত পাকিস্তানে নতুনকৈ দুটা সন্ত্রাসবাদী সংগঠন জন্ম দিছে৷ এই সন্ত্রাসবাদী সংগঠন দুটা হৈছে ‘দ্য ৰেজিষ্টেন্স ফ্রণ্ট’ (টিআৰএফ) আৰু ‘তেহৰিক–ই–মিলাট–ই–’ (টিএমআই)৷ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে প্রত্যক্ষভাৱে এই সন্ত্রাসবাদী সংগঠন দুটা জন্ম দিছে৷ কাশ্মীৰ উপত্যকাত কূটাঘাত সংঘটিত কৰাৰ দীর্ঘদিনীয়া অভিজ্ঞতা থকা লস্কৰ–ই–তৈবাৰ কেইবাজনো কুখ্যাত নেতাই এইক্ষেত্রত সহায় আগবঢ়াইছে আই এছ আইক৷ স্মর্তব্য যে ইতিমধ্যে যাতে টি এম আইৰ কমাণ্ডাৰ নঈম ফিৰডুছে এক অডি’ বার্তাযোগে কাশ্মীৰ উপত্যকাত কূটাঘাত সংঘটিত কৰি থকা সকলো সন্ত্রাসবাদী সংগঠনক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে৷ স্মর্তব্য যে টি আৰ এফ আৰু টি এম আই ছ’চিয়েল মিডিয়াত অধিক সক্রিয়৷ হোৱাটছএপ গ্রুপটো সংগঠন দুটাৰ বহু সদস্য সক্রিয় হৈ আছে৷ উল্লেখনীয় যে লস্কৰ–ই–তৈবাই টি আৰ এফৰ নাম ‘জম্মু–কাশ্মীৰ ফাইটাৰছ’ও ৰাখিছে৷ সন্ত্রাসবাদী সংগঠন দুটাই ইতিমধ্যে সাংগঠনিক ভেটি বিস্তাৰ কৰিবলৈ লৈছে৷

You might also like