নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা গৱেষণাগাৰত সৃষ্ট নহয়: বিশ্ব স্বাস্থ্য সংস্থা

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ উৎপত্তিক লৈ বিশ্বত চলি থকা বিভিন্ন জল্পনা–কল্পনা আৰু অনুসন্ধানমূলক গৱেষণাৰ মাজতে চীন আৰু আমেৰিকাৰ মাজৰ সংঘাতে নতুন মোৰ লৈছে৷ বিশ্বৰ ভিতৰতে ক’ভিড–১৯ মহামাৰীত সর্বাধিক ক্ষতিগ্রস্ত হোৱা আমেৰিকা যুক্তৰাষ্ট্রই এই ভাইৰাছ সৃষ্টিৰ বাবে চীনকে প্রত্যক্ষভাৱে জগৰীয়া কৰিছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ক’ৰোনা মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে চীনক প্রত্যক্ষভাৱে দোষাৰোপ কৰি অহাৰ মাজতে এইবাৰ দেশখনৰ মিছৌৰি প্রদেশৰ এটর্নী জেনেৰেল এৰিক স্মিটে চীনৰ বিৰুদ্ধে ফেদাৰেল ক’টত দাখিল কৰিছে গোচৰ৷ চীনা চৰকাৰৰ লগতে শাসনাধিষ্ঠিত চীন কমিউনিষ্ট পার্টী (চিপিচি) আৰু আন চীনা প্রতিষ্ঠান–বিষয়াবর্ এই গোচৰৰ তালিকাত আছে৷

আমেৰিকাত ক’ৰোনা ভাইৰাছৰ বিধ্বংসী ৰূপ আৰু আর্থিক লোকচানৰ বাবে চীনকেই জগৰীয়া কৰিছে এৰিক স্মিটে৷ অভিযোগ কৰা হৈছে যে চীনে ক’ৰোনা ভাইৰাছ সম্বন্ধীয় গুৰুত্বপূর্ণ তথ্য লুকুওৱাৰ উপৰি এই সন্দর্ভত প্রশ্ণ কৰা লোককো গ্রেপ্তাৰ কৰিছে৷ অভিযোগত এই কথাও উল্লেখ আছে যে চীনৰ ষড়যন্ত্রৰ ফলতেই সমগ্র বিশ্বত এতিয়া বিয়পি পৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ৷ ইপিনে, আমেৰিকাৰ গোচৰৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰি বেইজিঙে ইয়াক মূর্খতাৰ বাহিৰে আন একো নহয় বুলি অভিহিত কৰিছে৷ চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র গেং শ্বোৱাঙে কয় যে এই অভিযোগৰ সত্যতা আৰু আইনগত ভিত্তি নাই৷ আনহাতে, আমেৰিকাই গোচৰ তৰাৰ বিপৰীতে চীনৰ সপক্ষে থিয় দিছে বিশ্ব স্বাস্থ্য সংস্থা৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু একাংশ বিজ্ঞানীয়ে দাবী কৰিছিল যে ক’ৰোনা ভাইৰাছ মানুহৰ সৃষ্টি আৰু চীনৰ য়ুহান চহৰৰ এটা পৰীক্ষাগাৰত এই ভাইৰাছ প্রস্তুত হৈছিল৷ কিন্তু চীনক সমর্থন কৰি এই দাবী নস্যাৎ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ৰাষ্ট্রসংঘৰ অন্তর্গত সংস্থাটোৱে দাবী কৰে যে ক’ৰোনা ভাইৰাছ কোনো গৱেষণাগাৰত প্রস্তুত হোৱা নাই৷

সম্ভৱতঃ কোনো প্রাণীৰ শৰীৰৰ পৰাই এই ভাইৰাছৰ উৎপত্তি হৈছে৷ তথাপি জিন পৰিৱর্তনেৰে এই ভাইৰাছটোৱে মানুহৰ শৰীৰত সংক্রমণৰ ক্ষমতা কেনেদৰে লাভ কৰিলে সেয়া এতিয়াও অস্পষ্ট৷ উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কেইবাবাৰো দাবী কৰিছে যে য়ুহানৰ গৱেষণাগাৰতেই সৃষ্টি হৈছিল ক’ৰোনা ভাইৰাছ৷ বিশ্বৰ কেইবাজনো শ্রেষ্ঠ বিজ্ঞানী–গৱেষকেও এই দাবী কৰিছে৷ কিন্তু এই দাবী মানিবলৈ অস্বীকাৰ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সংস্থাটোৰ স্পষ্ট কথা– এইপর্যন্ত লাভ কৰা প্রমাণ আৰু পৰিস্থিতি বিচাৰ কৰিলে জনা যায় যে এই ভাইৰাছটো কোনো গৱেষণাগাৰত প্রস্তুত হোৱা নাই৷ কালি বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্র ফাদেলা ছেইবে জনাইছিল যে সকলো তথ্যৰ পৰা প্রমাণ হয়, এই ভাইৰাছটো কোনো জন্তুৰ শৰীৰত উৎপন্ন হৈছে৷

এয়া কোনো গৱেষণাগাৰত সৃষ্টি কৰা ভাইৰাছ নহয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্রজনে আৰু কয় যে নিশ্চিতভাৱে এই ভাইৰাছটোৰ বাহক হ’ল কোনো পশু বা অন্য প্রাণী৷ খুব সম্ভৱ বাদুলীয়েই ইয়াৰ প্রাকৃতিক বাহক৷ কিন্তু বাদুলীৰ শৰীৰৰ পৰা এই ভাইৰাছ কেনেকৈ মানুহৰ শৰীৰত প্রৱেশ ঘটিল, ইয়াক লৈ গৱেষণা অব্যাহত আছে৷

You might also like