ক’ৰোনা প্রতিৰোধৰ বাবে সষ্টম দক্ষিণ কোৰিয়া
নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ চীনৰ পিছতে অধিক হাৰত বৃদ্ধি পোৱা দেশ হিচাপে চিহ্ণিত হৈছে দক্ষিণ কোৰিয়া৷ দক্ষিণ কোৰিয়া চৰকাৰে এই ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ সমৰকালীন তৎপৰতা গ্রহণ কৰিছে৷ একেৰাহে দ্বিতীয়টো দিনৰ বাবে দেশখনত বৃদ্ধি পাইছে ক’ৰোনা সংক্রমিত লোকৰ সংখ্যা৷ প্রধানমন্ত্রী চাং ছাই– কিউনে বর্তমান পৰিস্থিতিত ক’ৰোনাৰ বিৰুদ্ধে জৰুৰী অৱস্থা ঘোষণা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে বুলি সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে দক্ষিণ প্রান্তৰ দিগু আৰু চিংডো চহৰত আটাইতকৈ বেছিসংখ্যক লোক ক’ৰোনাৰ দ্বাৰা সংক্রমিত হৈছে৷ দিগু চহৰৰ বেছিভাগ পথেই এতিয়া ক’ৰোনাৰ আতংকৰ বাবেই পৰিত্যক্ত হৈ পৰিছে৷ ইফালে, দেশখনৰ সেনাত সৃষ্টি হৈছে নতুন আতংক৷ কাৰণ কেইবাজনো সৈনিক ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে ৷