নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গালি দিবলৈ ১২,৫১২ বাৰ আৰক্ষীক ফোন

নিয়মীয়া বাৰ্তা,২০ আগষ্ট:  একমাত্র গালি–গালাজ কৰাৰ বাবে জৰুৰী নম্বৰত ফোন কৰিছিল মহিলাই৷ ফোন তুলিলেই আৰক্ষী বিষয়াক গালি পাৰিছিল এই মহিলাগৰাকীয়ে৷ এবছৰত ২১ হাজাৰ বাৰ গালি–গালাজ কৰিছিল মহিলাগৰাকীয়ে৷ ঘটনাটো আমেৰিকাৰ ফ্ল’ৰিডাৰ৷ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কার্লা জেফাৰছন নামৰ মহিলাগৰাকীয়ে প্রতিদিনে ৯১১ত ফোন কৰিছিল৷ ফোন উঠালেই অশ্রাব্য গালি–গালাজ কৰাটো নিয়মত পৰিণত হৈছিল মহিলাগৰাকীৰ৷ যোৱা ৮ মাহত মুঠ ১২,৫১২ বাৰ এনেদৰে ফোন কৰিছিল মহিলাগৰাকীয়ে৷ শেহতীয়াকৈ মহিলাগৰাকীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ যিকোনো বিষয় লৈ কেৱল আৰক্ষীক দোষাৰোপ কৰি গালি পাৰিছিল কার্লা জেফাৰছনে৷

You might also like