গুৰুতৰভাৱে অসুস্থ উত্তৰ কোৰিয়াৰ মুৰব্বী কিম
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ অস্ত্রোপচাৰৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটাত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে উত্তৰ কোৰিয়াৰ মুৰব্বী কিম জং–উন৷ হূদযন্ত্রৰ এক অস্ত্রোপচাৰ কৰা কিমৰ স্বাস্থ্যৰ দিনে দিনে অৱনতি ঘটা বুলি আমেৰিকা যুক্তৰাষ্ট্র আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত প্রকাশ হৈছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে সমগ্র বিশ্ববাসী যুঁজি থকাৰ সময়তে উত্তৰ কোৰিয়াৰ কোনো লোক ক’ভিড–১৯ত আক্রান্ত নোহোৱাৰ বাতৰি চর্চাৰ মাজত থকাৰ সময়তে অলপতে কিম জং–উনৰ ককাকৰ জন্ম বার্ষিকীত উন উপস্থিত নথকাক লৈ সন্দেহ প্রকাশ কৰিছে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ প্রচাৰ মাধ্যমে৷ প্রকাশ কৰা মতে উনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে৷ এই লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ চোৰাংচোৱা সংস্থাই উত্তৰ কোৰিয়াৰ মুৰব্বীগৰাকীৰ স্থিতিক লৈ অনুসন্ধান আৰম্ভ কৰিছে৷ কার্যতঃ উনৰ স্বাস্থ্যৰ অৱস্থা সন্দেহজনক যে সেই কথা স্পষ্ট হৈ পৰিছে৷