নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ পঞ্চম শিলাখণ্ডটি বিক্রীৰ বাবে সাজু

নিয়মীয়া বাৰ্তা, ১ মেঃ চন্দ্রৰ পঞ্চম বৃহত্তম শিলাখণ্ডটিৰ বিক্রীৰ মূল্য নির্ধাৰণ কৰা হৈছে ২.৫ নিযুত মার্কিন ডলাৰ৷ খ্রীষ্টিত ব্যক্তিগত বিক্রী কেন্দ্রত বিক্রীৰ বাবে সাজু কৰি ৰখা চন্দ্রৰ এই বৃহৎ খণ্ডটি ছাহাৰা মৰুভূমিত উদ্ধাৰ কৰা হৈছে৷ উল্লেখ্য যে প্রকাণ্ড গ্রহাণু এটাই চন্দ্রৰ পৃষ্ঠত খুন্দা খোৱাৰ ফলত বৃহৎ শিলাখণ্ড এটি ছাহাৰা মৰুভূমিত পৰিছিল৷ ১৩.৫ কিলোগ্রাম ওজনৰ শিলাখণ্ডটিৰ নাম এন ডব্লিউ এ–১২৬৯১৷ খ্রীষ্টিৰ ছায়েন্স এণ্ড নেচনেল হিষ্টৰীৰ মুৰব্বী জেমছ হাইশ্লপে প্রকাশ কৰা মতে পৃথিৱীত বর্তমান ৬৫০ কিলোগ্রাম ওজনৰ চন্দ্রৰ শিলাখণ্ড আছে৷ ইয়াৰে ভিতৰত পঞ্চম বৃহৎ খণ্ডটি বিক্রী কৰা হ’ব৷ এনে ইতিহাস জড়িত শিলাখণ্ডটি ক্রয় কৰাজন জীৱনৰ এক মধুৰ ক্ষণৰ সাক্ষী হ’ব বুলিও কয় মুৰব্বীজনে৷ গুৰুত্বপূর্ণ যে ১৯৬০ আৰু ১৯৭০ চনৰ ভিতৰত চন্দ্রৰ পৰা এপ’ল অভিযানৰ জৰিয়তে প্রায় ৪০০ কিলোগ্রাম শিলাখণ্ড লৈ আনিছিল৷ মহাজাগতিক ঘটনাৰ বাবে চন্দ্রত ৪.৫ বিলিয়ন বছৰ পূর্বে এনে শিলাখণ্ডৰ উৎপত্তি হৈছিল৷

You might also like