নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ১০ লাখ ভাৰতীয়ক ভিছা দিব আমেৰিকাই

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: চলিত বছৰত কম পক্ষেও ১০ লাখ ভাৰতীয়ক ভিছা প্রদান কৰাৰ সংকল্প লৈছে আমেৰিকাৰ জ’ বাইডেন প্রশাসনে৷ এক সাক্ষাৎকাৰত এই কথা ঘোষণা কৰিছে আমেৰিকাৰ বিদেশ দপ্তৰৰ উপ–সচিব ড’নাল্ড লুৱে৷ ড’নাল্ডে এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে বছৰৰ দ্বিতীয় ভাগত আমেৰিকাৰ বিভিন্ন শিক্ষা প্রতিষ্ঠানত যিসকল শিক্ষার্থীক পাঠদান আৰম্ভ কৰা হ’ব, তেওঁলোকৰ ভিছাৰ আবেদন পর্যালোচনা কৰাৰ প্রক্রিয়া এই গ্রীষ্মৰ ভিতৰতে শেষ কৰাৰ লক্ষ্য লৈছে হোৱাইট হাউছ প্রশাসনে৷ ইয়াৰ সমান্তৰালকৈ এইচ১বি আৰু এল ভিছাৰ দৰে ৱর্ক ভিছাৰ আবেদনকো অগ্রাধিকাৰ দিয়া হৈছে বুলি ড’নাল্ড লুৱে সাক্ষাৎকাৰটোত সদৰী কৰিছে৷ আমেৰিকাই ঘোষণা কৰা অনুসৰি এই কাম সম্পন্ন কৰিলে ভাৰতৰ পৰা আহি দেশখনত কাম কৰিবলৈ ইচ্ছুক বা ইয়াত ইতিমধ্যে কর্মৰত কর্মীসকলে বিশেষ সুবিধা লাভ কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

You might also like