নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ পৰ্ন’গ্ৰাফীৰ কৰালগ্ৰাসত বিশ্ব

ভাৰতত বৃদ্ধি পাইছে ৯৫ শতাংশ দৰ্শক

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ নিষেধাজ্ঞা সত্ত্বেও সামাজিক নিয়ন্ত্ৰণ ব্যৱস্থাক কুঠাৰঘাত কৰি বিশ্বজুৰি মহামাৰীৰ দৰে বৃদ্ধি পাইছে পৰ্ন’গ্ৰাফী। ক’ভিড-১৯ৰ সংহাৰৰ বাবে বিশ্বৰ দেশে দেশে চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ হৈ থকা লোকসকলে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে নিষিদ্ধ পৰ্ন’গ্ৰাফীৰ দৰ্শক হৈ পৰিছে।

          আশ্বৰ্যজনকভাৱে যোৱা ২৪ মাৰ্চৰ পৰা ভাৰতত হোৱা লক ডাউনৰ বাবে ৯৫ শতাংশ গ্ৰাহক বৃদ্ধি পাইছে। অকল ভাৰততে নহয়, মহামাৰী ক’ৰোনা আক্ৰান্ত ফ্ৰান্স, জাৰ্মানী, ইটালী, ৰাছিয়া, দক্ষিণ কোৰিয়া, স্পেইন, ছুইজাৰলেণ্ড আৰু আমেৰিকাতো দৃষ্টিকটুভাৱে পৰ্ন’গ্ৰাফীৰ বেৱছাইটৰ দৰ্শক বৃদ্ধি পাইছে। ফ্ৰান্সত লক ডাউনৰ সময়ছোৱাত ৪০শতাংশ বৃদ্ধি পাইছে। ইটালীত ৫৫শতাংশ, ৰাছিয়াত ৬৫ শতাংশ বৃদ্ধি পোৱাৰ লগতে ছুইজাৰলেণ্ডত ২৫ শতাংশ বৃদ্ধি পাইছে। আনহাতে স্পেইনত ১৪ মাৰ্চৰ পৰা এই বেৱছাইটৰ দৰ্শক-গ্ৰাহক ৬০ শতাংশ বৃদ্ধি পাইছে। ভাৰতত লগতে বিশ্বৰ আন আন দেশসমূহতো সকলো চিনেমা গৃহ, নৈশ ক্লাব, বীয়েৰ বাৰ আদি বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ হৈ থকা লোকসকলৰ মাজত এনে বেৱছাইটৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। আনকি ভাৰতীয় টেলিকম অপাৰেটৰসকলে ব্লক কৰি দিয়া অনেক এনে বেৱছাইটো দৰ্শকে খোলাৰ চেষ্টা চলাইছে।

You might also like