নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাফাই সামগ্রীৰ পৰা বিহ বিয়পিছে আমেৰিকাত

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিড–১৯ৰ লকডাউন চলি থকা সময়ত আমেৰিকা যুক্তৰাষ্ট্রত চাফাই সামগ্রীৰ পৰাই বিহ বিয়পি পৰিছে৷ চাফাই সামগ্রীত ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থই অঞ্চলে অঞ্চলে বিহ বিয়পোৱা বুলি দেশখনৰ চেণ্টার্ছ ফৰ ডিজিছ কণ্ড্র’ল এণ্ড প্রিভেনচন (চিডিচি)ৰ প্রতিবেদনত প্রকাশ পাইছে৷

প্রতিবেদনত প্রকাশ পোৱা মতে, চিকিৎসালয়কে ধৰি বিভিন্ন প্রতিষ্ঠান ক’ভিড–১৯ৰ বীজাণুমুক্ত কৰিবলৈ চলাই থকা ছেনিটাইজেচনৰ ফলত দ্রুতগতিত বায়ুমণ্ডলত বিহ বিয়পি পৰিছে৷ বিগত তিনি মাহত চাফাই সামগ্রীৰ পৰা বিহ বিয়পি পৰাটো ২০ শতাংশ বৃদ্ধি পাইছে৷ জানুৱাৰীৰ পৰা মার্চলৈকে পয়জন চেণ্টাৰসমূহে বিহ বিয়পোৱা বিপজ্জনক ঘটনা সন্দর্ভত ৪৫ হাজাৰতকৈও অধিক অভিযোগ লাভ কৰিছে৷

You might also like