চীনত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিব এয়াৰ ইণ্ডিয়াই
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আজি এয়াৰ ইণ্ডিয়াই চীনৰ ব্ৰুহান চহৰত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিবলৈ এখন বিশেষ বিমানৰ ব্যৱস্থা কৰিছে । ব্ৰুহান চহৰত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাছতে তাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ এয়াৰ ইণ্ডিয়াই আজি এখন বিমান চীনলৈ পঠিয়ায় ।
এয়াৰ ইণ্ডিয়া এই বিশেষ বিমানখনে আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা চীনলৈ উৰা মাৰে । ইপিনে এই বিমানখনৰ দ্বাৰা প্ৰায় ৪০০ জন যাত্ৰীক প্ৰত্যাৱৰ্তন কৰিব পৰা যাব বুলি এক সূত্ৰ প্ৰকাশ কৰিছে।
উল্লেখ্য যে প্রাণঘাতী ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বৰ বিভিন্ন দেশক শংকিত কৰি তুলিছে৷ চীনত ইতিমধ্যে এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ শতাধিক লোকৰ মৃত্যু হৈছে ।