চীনা কোম্পানীৰ আইচক্রীমৰ কার্টনত ওলাল ক’ৰোনা
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ চীনৰ পূব প্রান্তৰ এটা খাদ্য প্রস্তুত কোম্পানীৰ আইচক্রীমৰ কার্টনত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই সৃষ্টি হৈছে চাঞ্চল্য৷ টিয়ানঝিন চহৰৰ ডাকিয়াওডাও ফুড কর্প’ৰেচন লিমিটেডৰ আইচক্রীমৰ কার্টনত এই ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে কোম্পানীটো বন্ধ কৰি দিয়া হৈছে৷ লগে লগে ইয়াৰ কর্মীসকলক ক’ভিড–১৯ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে হাস্পতাললৈ৷
অৱশ্যে আইচক্রীমৰ পৰা কোনো এগৰাকী লোকৰ দেহলৈ ক’ভিড–১৯ৰ সংক্রমণ ঘটা নাই৷ তথাপি চীনা কোম্পানীটোৱে খাদ্য প্রস্তুতৰ ক্ষেত্রত গ্রহণ কৰা সতর্কতা ব্যৱস্থা সন্দর্ভত বিভিন্ন মহলত সৃষ্টি হৈছে সন্দেহ৷