চীনৰ কাৰাগাৰলৈও বিস্তাৰ ঘটিছে ক’ৰোনাৰ
নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত চীনৰ হুবেই প্রদেশৰ ৱুহানত শেহতীয়াকৈ কাৰাগাৰবোৰলৈও বিস্তাৰ ঘটিছে ক’ৰোনাৰ৷ লগে লগে বেইজিং প্রশাসনৰ সন্মুখত সৃষ্টি হৈছে নতুন প্রত্যাহ্বান৷ হুবেইৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি ৱুহানৰ কাৰাগাৰত এতিয়ালৈকে কেইবাশও বন্দী তথা আৰক্ষী ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে৷ ইফালে, উইঘোৰ সংখ্যালঘু সম্প্রদায়ৰ বসতি অঞ্চল ঝিনজিয়াঙতো কেইবাখনো কাৰাগাৰত চাৰি শতাধিক বন্দী তথা আৰক্ষী ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে৷ কাৰাগাৰবোৰলৈ ক’ৰোনাৰ সংক্রমণ ঘটাৰ লগে লগে বেইজিং প্রশাসনে কয়দী তথা কাৰাৰক্ষীসকলৰ নিৰাপত্তাক লৈ বিশেষ ব্যৱস্থা গ্রহণ কৰিবলগীয়া হৈছে৷ স্মর্তব্য যে ৱুহানত ক’ৰোনাৰ সংক্রমণ ঘটাৰ পিছতে চহৰখনত থকা বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকসকলক গৃহভূমিলৈ প্রত্যাৱর্তন কৰোৱাৰ প্রক্রিয়া চলি আছে ৷