চীনৰ মানচিত্রত সোমাল ভূটানৰ বন্যপ্রাণী অভয়াৰণ্য
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ লাডাখ সীমান্তত সামৰিক কুচকাৱাজ চলাই থকাৰ সমান্তৰালভাৱে চীনে এইবাৰ চকু দিছে ভাৰতৰ বন্ধু ৰাষ্ট্র ভূটানৰ ভূমিত৷ ৰঙা চীনে ভূটানৰ পূব প্রান্তত থকা চাকটেং বন্যপ্রাণী অভয়াৰণ্যৰ ভূমি নিজৰ সীমাৰ অন্তর্ভুক্ত বুলি দাবী উত্থাপন কৰিছিল৷ শেহতীয়াকৈ ভূটানে চুবুৰীয়া দেশখনৰ এনেধৰণৰ কার্যকলাপৰ তীব্র আপত্তি কৰে৷ কিন্তু ভূটানৰ আপত্তিৰ পাছত অধিক আক্রমণাত্মক হৈ পৰে চীন৷ এইবাৰ দেশখনে পূর্বতকৈ দুগুণ পৰিমাণৰ ভূটানৰ মাটিকালি নিজৰ বুলি দাবী কৰিছে৷ এই সন্দর্ভত চীনৰ বিদেশ মন্ত্রালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হয় যে চীন আৰু ভূটানৰ মাজৰ সীমা কেতিয়াও নির্ধাৰণ কৰা হোৱা নাই৷
পূব, মধ্যম আৰু পশ্চিম প্রান্তৰ সীমাক কেন্দ্র কৰি দেশ দুখনৰ মাজত সদায় বিবাদ চলি আছে৷ এইদৰে কেৱল বিবৃতি জাৰি কৰিয়েই চীন ক্ষান্ত থকা নাই৷ ৰাষ্ট্রসংঘৰ ‘গ্ল’বেল এনভাইৰনমেণ্ট ফেচিলিটী’ আঁচনিৰ জৰিয়তে ভূটানৰ চাকটেং বন্যপ্রাণী অভয়াৰণ্যত দি অহা অনুদানো বেইজিঙে বন্ধ কৰি দিছে৷ এই অভয়াৰণ্যখন বিবদমান অঞ্চলত থকা বাবেই অনুদান বন্ধ কৰি দিয়া হৈছে বুলি বেইজিঙৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷
উল্লেখ্য যে ১৯৮৪ৰ পৰা ২০১৬ চনৰপর্যন্ত সীমান্তক লৈ চীন আৰু ভূটানৰ মাজত ২৪ লানি আলোচনা অনুষ্ঠিত হৈছে৷ কোনো আলোচনাতে ভূটানৰ ট্রাছিগাং তাংখাঙত অৱস্থিত অভয়াৰণ্যখনৰ প্রসংগ উত্থাপন হোৱা নাছিল৷ কিন্তু বিগত ২০১৭ চনৰ পৰা দেশ দুখনৰ মাজত সীমা বিবাদক লৈ কোনো আলোচনা হোৱা নাই৷ তাৰ মাজতে ২০১৮ চনৰ জুলাই মাহত চীনৰ উপ–বৈদেশিক মন্ত্রীগৰাকীয়ে ভূটাম ভ্রমণ কৰে৷ ভূটানৰ প্রধানমন্ত্রীৰ লগত চীনৰ মন্ত্রীগৰাকীয়ে আলোচনাত মিলিত হয় যদিও সীমা সম্পর্কীয় ২৫সংখ্যক বৈঠকখন অনুষ্ঠিত কৰা বা নকৰা সন্দর্ভত কোনো সিদ্ধান্ত লোৱা নহ’ল৷ সূত্রৰ খবৰ মতে, এই বৈঠকখন যোৱা বছৰৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ৰোনাক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে সেয়াও সম্ভৱ হৈ নুঠিল৷ কিন্তু চাকটেং বনাঞ্চলক বিবদমান ভূমিত অৱস্থিত বুলি দেখুৱাই চীনে অনুদান বন্ধ কৰা কার্যৰ তীব্র আপত্তি কৰে৷ ভূটানৰ আপত্তিলৈ পৰোৱা নাকৰি চীনে এইবাৰ ভূটানৰ পূব প্রান্তৰ দুগুণ মাটিকালি নিজৰ বুলি দাবী কৰে৷ প্রণিধানযোগ্য যে যোৱা ২ আৰু ৩ জুনত গ্ল’বেল এনভাইৰনমেণ্টেল ফেচিলিটী কাউন্সিলৰ এখন অনলাইন বৈঠক অনুষ্ঠিত হৈছিল৷ য’ত চীনৰ প্রতিনিধিগৰাকীয়ে চাকটেং বনাঞ্চল সন্দর্ভত বিতর্কিত মন্তব্য প্রদান কৰে৷
ইয়াৰ প্রত্যুত্তৰত ভূটানৰ প্রতিনিধিগৰাকীয়ে বৈঠকতে স্পষ্ট কৰি দিয়ে যে এই বনাঞ্চলখন ভূটানৰ সার্বভৌম ভূখণ্ডৰ অন্তর্ভুক্ত৷ বিবদমান এলেকা হিচাপে ইয়াক লৈ চীন আৰু ভূটানৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ কোনো অৱকাশ নাই৷ অৱশ্যে ভাৰতৰ লগত পোনপটীয়া সংঘাত অব্যাহত থকাৰ সময়ত ভূটানৰ ওপৰত চীনে প্রয়োগ কৰা হেঁচাই নতুন ইংগিত বহন কৰিছে বুলি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে৷ লক্ষণীয় কথাটো হ’ল বেইজিঙৰ সম্পর্ক সন্দর্ভত ভূটানে কেতিয়াও ৰাজহুৱা মন্তব্য কৰা নাই৷ এইবাৰো দেশখনে নীৰৱতাৰ পথেই গ্রহণ কৰিছে৷