নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ য়ুহানত পুনৰ ১৩০০ লোকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ বিশ্বত ক’ৰোনা ভাইৰাছৰ প্রথম অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ য়ুহানত এই ভাইৰাছবিধত প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দেশখনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য অনুসৰি য়ুহানত পুনৰ ১৩০০ লোকৰ মৃত্যু হৈছে ৷ অর্থাৎ শেহতীয়া তথ্য অনুসৰি চীনত এই মাৰাত্মক ভাইৰাছবিধত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে মুঠ ৪,৬৩৬গৰাকী লোকে ৷ সংবাদ সংস্থা ঝিনহুৱাৰ প্রতিবেদন অনুসৰি পূর্বে ঘোষণা কৰা তথ্যতকৈ ভাইৰাছবিধত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৪০ শতাংশ বেছি ৷ স্মর্তব্য যে য়ুহানত প্রকৃততে কিমান লোকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে, তাৰ বিশ্লেষণ আগবঢ়াবলৈ গৈ চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগ (এনএইচচি)এ এই তথ্য সদৰী কৰিছে ৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ চীনৰ অভ্যন্তৰৰ পৰা ক’ৰোনাৰ সংক্রমণ কমিছে যদিও বিদেশৰ পৰা উভতি অহা লোকৰ জৰিয়তে নতুনকৈ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ঘটিছে ৷ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে জানুৱাৰী মাহৰ পৰা প্রতিদিনে সদৰী কৰি আছে ক’ৰোনাত আক্রান্ত বা মৃত্যু হোৱা লোকৰ সংখ্যা ।

You might also like