নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ দেশজুৰি ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধৰ বাবে চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ সময়তে কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীয়ে বাংগালুৰুৰ এক ফার্মঘৰত পুত্র নিখিল কুমাৰস্বামীৰ ৰাজকীয় বিয়া সম্পন্ন কৰা ঘটনাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ বাংগালুৰুৰ ৰামনগৰত নিখিল কুমাৰস্বামী শুকুৰবাৰে বিবাহপাশত আবদ্ধ হৈছে প্রাক্তন কংগ্রেছ মন্ত্রী এম কৃষ্ণাপ্পাৰ দুহিতা ৰেৱতীৰ সৈতে ৷ উল্লেখনীয় যে এই ৰাজকীয় বিবাহ অনুষ্ঠানত আমন্ত্রিত অতিথিসকলে প্রায় ৪০খন গাড়ীৰে আহি উপস্থিত হয় ৷ স্মর্তব্য যে এই বিবাহ অনুষ্ঠানত উপস্থিত থাকে এইচ ডি কুমাৰস্বামীৰ পিতৃ তথা দেশৰ প্রাক্তন প্রধানমন্ত্রী দেৱেগৌড়াও ৷ তলাবন্ধৰ সময়ত সকলো সামাজিক তথা ধর্মীয় অনুষ্ঠান নিষিদ্ধ সত্ত্বেও বহু লোকৰ উপস্থিতিত নিখিল কুমাৰস্বামীয়ে কেনেদৰে বিবাহ সম্পন্ন কৰিলে তাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷
Prev Post
Next Post