চের্নবীল পৰমাণু ক্ষেত্রৰ সমীপত বিধ্বংসী বনজুই
নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ চের্নবীল পাৰমাণৱিক ক্ষেত্রৰ সমীপতে ভয়াৱহ বনজুইক কেন্দ্র কৰি সমগ্র পূব ইউৰোপত সৃষ্টি হৈছে আতংক ৷ অৱশ্যে ইউক্রেইনৰ জৰুৰী সেৱা বিভাগৰ দায়িত্বশীল বিষয়াই উল্লেখ কৰা অনুসৰি এই বনজুই নিয়ন্ত্রণলৈ অনা হৈছে ৷ চের্নবীল পাৰমাণৱিক ক্ষেত্রত ইয়াৰ পূর্বেও ভয়াৱহ বিপর্যয় ঘটিছিল ৷ বিগত ১০ দিন ধৰি চের্নবীলৰ সমীপৱর্তী অঞ্চলত বনজুয়ে পুৰি ছাই কৰিছে বিস্তীর্ণ অঞ্চল ৷ লক্ষণীয়ভাৱে এই বনজুই নির্বাপিত কৰিবলৈ ইউক্রেইন চৰকাৰে কেইবাশও অগ্নিনির্বাপক যোদ্ধাক নিয়োজিত কৰিবলগীয়া হয় ৷ আনকি কেইবাখনো যুদ্ধ বিমানো বনজুই নির্বাপণৰ ক্ষেত্রত ব্যৱহাৰ কৰে ইউক্রেইন চৰকাৰে ৷ দেশখনৰ জৰুৰী সেৱা বিভাগৰ তৰফৰ পৰা চের্নবীল পাৰমাণৱিক ক্ষেত্র নিৰাপদ বুলি ঘোষণা কৰিছে যদিও প্রত্যক্ষদর্শীয়ে এতিয়াও বনজুই অব্যাহত থকা বুলি সংবাদ মাধ্যমক জনাইছে ৷