নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ পাৱাৰ আমেৰিকাত ২৪ ঘণ্টাতে মৃত্যু ১৪৮০ ক’ৰোনা আক্ৰান্তৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ মহামাৰী ক’ভিড-১৯ এ বিশ্বৰ ২০৫ খন দেশলৈ সংক্ৰমিত হোৱাৰ সময়তে ৬২,৪৪৪ জন লোক প্ৰাণ লৈছে । সমগ্ৰ বিশ্বত শেহতীয়া তথ্য মতে, এই মহামাৰীত আক্ৰান্ত হৈছে ১১,৬১,৮৮৯ জন লোক । শনিবাৰে পুৱাৰ পৰা মাত্ৰ সম্পূৰ্ণ দিনটোতে প্ৰাণ হেৰুৱাইছে ২,২৭৪ জন লোকে । দিনটোত নতুনকৈ সংক্ৰমিত হৈছে ৪৫,২৪৬ জন লোক । এই মহামাৰীত সৰ্বাধিক আক্ৰান্ত হোৱা দেশখন হ’ল আমেৰিকা । বিশ্বৰ সৰ্বশক্তিমান দেশখনক এতিয়া ক’ৰোনা ভাইৰাছে বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিছে । যোৱা ২৪ ঘণ্টাত আমেৰিকাত ক’ৰোনা ভাইৰাছৰ বাবে ১,৪৮০ জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে । এই তথ্য প্ৰকাশ কৰিছে জন হপকিনছ ইউনিভাৰ্ছিটীয়ে । বৃহস্পতিবাৰৰ নিশা ৮.৩০ বাজৰ পৰা শুকুৰবাৰে সেই একে সময়লৈ এইসকল লোকে প্ৰাণ হেৰুৱাইছে । শনিবাৰৰ দিনটোৰ শেহতীয়া তথ্য মতে, দেশখনত ৩,০০,১০৬ জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগতে প্ৰাণ হেৰুওৱা লোকৰ মুঠ সংখ্যা হ’৮,১৪১ জন । মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জনাইছে যে দেশৰ সকলো নাগৰিককে বাহিৰলৈ ওলালে মাস্ক পৰিধানৰ বাবে চৰকাৰে পৰামৰ্শ প্ৰদান কৰিছে । দেশখনৰ যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ সাজু বুলিও ট্ৰাম্পে জানিবলৈ দিয়ে ।

You might also like