ছ্যু কীৰ মুক্তিৰ দাবীত বিক্ষোভত উত্তাল ম্যানমাৰ
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ সামৰিক অভ্যুত্থানৰ পিছতে বিক্ষোভৰ উর্বৰস্থলী হৈ পৰিছে ম্যানমাৰ৷ দেশখনৰ সামৰিক শাসকে বিক্ষোভ নিয়ন্ত্রণ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল যদিও বৃহত্তম মহানগৰ য়াংগুনত আজিও হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্রতিবাদ৷ দেশখনৰ নেত্রী আং ছান ছ্যু কীসহ এন এল ডি দলৰ সকলো সাংসদ তথা মন্ত্রীক শীঘ্রে মুক্তি দিয়াৰ দাবী জনাইছে প্রতিবাদী জনসাধাৰণে৷
স্মর্তব্য যে যোৱা সোমবাৰে এক অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰি দেশখনৰ সেনাই বন্দী কৰিছে ছ্যু কীসহ শাসকীয় দলৰ সাংসদ তথা মন্ত্রীসকলক৷ এই ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি প্রতিক্রিয়া চলি আছে৷ বিভিন্ন দেশে ম্যানমাৰৰ গণতান্ত্রিক প্রক্রিয়াত বাধা প্রদান নকৰিবলৈ দেশখনৰ সেনাক আহ্বান জনাইছে৷