জনপ্রিয়তাত শীর্ষস্থান অক্ষত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিশ্বৰ জনপ্রিয় নেতাৰ তালিকাত শীর্ষস্থান অক্ষত আছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ পাঁচ ৰাজ্যৰ নির্বাচনৰ পিছত মোদীৰ জনপ্রিয়তা পূর্বৰ দৰে অক্ষত থকা বুলি মার্কিন এক সংস্থাৰ সমীক্ষাত প্রকাশ পাইছে৷ ১২গৰাকী ৰাষ্ট্রপ্রধানক পিছ পেলাই জনপ্রিয়তাৰ নিৰীখত পুনৰ শীর্ষ স্থান দখল কৰিছে মোদীয়ে৷ ৭৭শতাংশ পইণ্টেৰে ভাৰতৰ প্রধানমন্ত্রীগৰাকী জনপ্রিয় নেতা হিচাপে শীর্ষ স্থানত থকা বুলি আমেৰিকাৰ ‘মর্নিং কনছাল্ট’ নামৰ সংস্থাটোৱে প্রকাশ কৰিছে৷
প্রতি ৭ দিনৰ মূৰে মূৰে এই সংস্থাটোৱে ৰাষ্ট্রনেতাসকলক লৈ সমীক্ষা চলায়৷ মোদীৰ পিছতে এই তালিকাত দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্রপতি লোপেজ অ’ব্রাডৰ৷ মেক্সিকোৰ ৰাষ্ট্রনেতাগৰাকীৰ পইণ্ট হৈছে ৬৩ শতাংশ৷ ইয়াৰ পিছত তৃতীয় স্থানত আছে ইটালীৰ প্রধানমন্ত্রী মাৰি’ ড্রাঘি৷ সপ্তম স্থানত আছে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন৷
স্মর্তব্য যে যিকোনো দেশৰ প্রাপ্তবয়স্ক লোকসকলৰ পৰা লাভ কৰা তথ্যৰ ওপৰত নির্ভৰ কৰি এই সমীক্ষা চলোৱা হয়৷ আমেৰিকাৰ ক্ষেত্রত সমীক্ষাৰ ছেম্পলৰ আকাৰ হয় ৪৫ হাজাৰ৷ অন্য দেশৰ ক্ষেত্রত এই ছেম্পলৰ আকাৰ হৈছে ৩ৰ পৰা ৫ হাজাৰ৷ ভাৰতৰ ক্ষেত্রত জনগণৰ শিক্ষিত অংশৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ছেম্পল নির্ধাৰণ কৰা হয়৷ সমীক্ষাৰ তথ্য যোগাৰৰ সমগ্র প্রক্রিয়াটো অনলাইন পদ্ধতিত চলোৱা হয়৷ ২০২০ত মোদীৰ গ্রহণযোগ্যতা আছিল ৮৪ শতাংশ৷